জুকাৰবার্গৰ বিস্ফোৰণ

ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে উত্তপ্ত হৈছে আমেৰিকাৰ ৰাজনীতি৷ এইবাৰ জ’ বাইডেন প্রশাসনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিলে ‘মেটা’ৰ মুৰব্বী মার্ক জুকাৰবার্গে৷ বিশ্বজুৰি অতিমাৰী চলাৰ সময়ত ক’ৰোনা সম্পর্কীয় তথ্য গোপনে ৰাখিবলৈ আৰু এই সম্পর্কীয় বিভিন্ন পোষ্ট ফেচবুকৰ পৰা আঁতৰাই দিবলৈ মেটাৰ ওপৰত চাপ সৃষ্টি কৰিছিল জ’ বাইডেন চৰকাৰে৷ আগন্তুক ৫ নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰত উত্তপ্ত হৈ আছে আমেৰিকা৷ ৰিপাব্লিকান আৰু ডেম’ক্রেটিক পার্টীৰ নেতাসকলে পৰস্পৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি নির্বাচনী বতাহ উত্তাল কৰি তুলিছে৷ ইয়াৰ মাজতে মার্ক জুকাৰবার্গৰ এই অভিযোগে ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছৰ বিৰুদ্ধে মোক্ষম হাতিয়াৰ তুলি দিছে ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পৰ হাতত৷ ইতিমধ্যে ৰিপাব্লিকান পার্টীয়ে জ’ বাইডেন চৰকাৰে মেটাৰ বিৰুদ্ধে চাপ সৃষ্টি কৰি বাক্ স্বাধীনতা হৰণ কৰিছে বুলি অভিযোগ আনিছে৷ বিগত তিনি দিন ধৰি আমেৰিকাৰ ৰাজনীতি উত্তাল হৈছে মাত্র এইটো বিষয়ক কেন্দ্র কৰি৷ বিস্ফোৰক অভিযোগ তুলি মার্ক জুকাৰবার্গে কৈছে যে চৰকাৰৰ চাপৰ বাবে অতিমাৰীৰ সময়ত মেটাই ফেচবুকৰ পৰা মচি দিবলগীয়া হৈছিল ২০ নিযুত ক’ৰোনা সম্পর্কীয় পোষ্ট৷ অর্থাৎ এই পোষ্টবোৰ আঁতৰ কৰি দিবলৈ বাধ্য কৰোৱা হৈছিল জুকাৰবার্গৰ সংস্থাক৷ ড’নাল্ড ট্রাম্পৰ ৰিপাব্লিকান শিবিৰে বাইডেন চৰকাৰৰ এনে হস্তক্ষেপক ঘৃণনীয় পদক্ষেপ বুলি অভিহিত কৰাৰ উপৰি এয়া ভয়াৱহ বাক্ স্বাধীনতাৰ ওপৰত আক্রমণ বুলিও ঘোষণা কৰিছে৷ শেহতীয়াকৈ জুকাৰবার্গে এক পত্রত এই বিষয়টো সম্পর্কত অভিযোগ তুলি কৈছে যে ২০২১ চনত অতিমাৰী চলি থকাৰ সময়ত বাইডেন প্রশাসনৰ এগৰাকী শীর্ষ বিষয়া আৰু হোৱাইট হাউছৰ একাংশ কর্মীয়ে ধাৰাবাহিকভাৱে মেটাৰ ওপৰত চাপ সৃষ্টি কৰিছিল৷ ক’ভিড–১৯ সম্পর্কীয় সকলো পোষ্ট মচি দিবলৈ জুকাৰবার্গৰ সংস্থাৰ ওচৰত দাবী জনাইছিল বাইডেন প্রশাসনে৷ আনকি ক’ভিড সম্পর্কীয় মার্কিন নাগৰিকৰ ব্যংগাত্মক পোষ্টসমূহো মচি দিবলৈ নির্দেশ দিছিল হোৱাইট হাউছে৷ অতি আক্ষেপেৰে জুকাৰবার্গে কৈছে যে এই সম্পর্কত শেষ সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁৰ ওপৰত আছিল যদিও সেই সময়ত বাইডেন চৰকাৰৰ চাপৰ বাবে তেওঁ এইক্ষেত্রত কংক্রিট সিদ্ধান্ত গ্রহণ কৰিব পৰা নাছিল৷ অর্থাৎ জুকাৰবার্গে পত্রখনত প্রকাশ নকৰিলেও হোৱাইট হাউছ প্রশাসনৰ চাপৰ বাবে তেওঁ শংকিত হৈ ২০ নিযুত পোষ্ট মচি পেলাবলৈ বাধ্য হৈছিল৷
আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ডেম’ক্রেটিক ৰাষ্ট্রপতি জ’ বাইডেনৰ বিৰুদ্ধে এনে অভিযোগ প্রকাশ পোৱাৰ লগে লগে ৰিপাব্লিকান শিবিৰ উৎফুল্লিত হৈ পৰিছে৷ কাৰণ ক’ৰোনা অতিমাৰীৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সময়ত বাইডেন প্রশাসনে গ্রহণ কৰা অৱস্থান সন্দর্ভত আমেৰিকাবাসীৰ ওচৰত ড’নাল্ড ট্রাম্প তথা ৰিপাব্লিকান পার্টীয়ে দুর্নীতিৰ নতুন অভিযোগ তোলাৰ সুযোগ লাভ কৰিছে৷ একপ্রকাৰ ক’বলৈ গ’লে ডেম’ক্রেটিক পার্টীৰ বিৰুদ্ধে জুকাৰবার্গে এয়া এক নতুন হাতিয়াৰ তুলি দিছে নির্বাচনৰ পূর্বে৷ ইতিমধ্যে ৰিপাব্লিকান পার্টীয়ে এই বিষয়টোক লৈ বাইডেন প্রশাসনৰ বিৰুদ্ধে অভিযোগ তুলিছে যে সংকট কালত ডেম’ক্রেটিক ৰাষ্ট্রপতিগৰাকীয়ে কোটি কোটি আমেৰিকান নাগৰিকৰ বাক্ স্বাধীনতা হৰণ কৰিছিল৷ পত্রখনত জুকাৰবার্গে তিনিটা বিষয় স্বীকাৰ কৰি লৈছে৷ প্রথমতে বাইডেন প্রশাসনে আমেৰিকান নাগৰিকসকলৰ ‘চেন্সৰ’ চাপ দিছিল ফেচবুকক৷ দ্বিতীয়তে, হোৱাইট হাউছ প্রশাসনৰ ওচৰত শিৰনত কৰি ফেচবুকে আমেৰিকাবাসীক ‘চেন্সৰ’ কৰে৷ তৃতীয়তে, বাইডেনৰ বাবে ফেচবুকৰ দৰে সংস্থাই বাধ্য হৈ পৰে ২০ নিযুত পোষ্ট মচি পেলাবলৈ৷ স্মর্তব্য যে লকডাউন, ভেকচিন, মাস্ক পৰিধান সম্পর্কীয় বিভিন্ন পোষ্ট মচি পেলোৱাৰ বাবে সেই সময়ত তীব্র সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল জুকাৰবার্গৰ সংস্থা মেটা৷ কিন্তু জুকাৰবার্গে সেই সময়ত এই বিষয়টো লৈ কোনোধৰণৰ স্পষ্টীকৰণ দিবলৈ সাহস কৰা নাছিল৷ তাৎপর্যপূর্ণভাৱে আমেৰিকাৰ ৰাজনীতিত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সময়ত মেটাৰ মুৰব্বীগৰাকীয়ে এই সম্পর্কীয় সত্য প্রকাশ কৰিছে৷ এয়া ৰিপাব্লিকান প্রার্থী ট্রাম্পক সুযোগ দিয়াৰ উদ্দেশ্য নে কি, সেই সন্দর্ভত বিশেষজ্ঞ মহলৰ চর্চা হৈছে৷

Featured