২০১৯ চনত কাৰ ওপৰত নিৰ্মিত সৰ্বাধিক মিম ?

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ২০১৯ চনত ছছিয়েল মিডিয়াত মিমক লৈ আলিয়া ভট্ট, ৰানু মণ্ডল আৰু শ্বাহিদ কাপুৰ সৰ্বাধিক চৰ্চিত হৈছে। এই তিনিওজনেৰে সৰ্বাধিক মিম নিৰ্মিত হল আৰু ছছিয়লে মিডিয়া ব্যৱহাৰকাৰী সকলে বহুত শ্বেয়াৰও কৰে।

ৰানু মণ্ডলৰ মেকআপ লৈ নিৰ্মিত মিম

চলিত বৰ্ষত ৰানু মণ্ডলৰ গীতেৰে ছছিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হয়। কানপুৰৰ এক অনুষ্ঠানত  ৰানু মণ্ডলৰ এক বিশেষ মেকআপে বহু লোকক আমোদ প্ৰদান কৰে। যাৰ পৰিপেক্ষিতত বহু সংখ্যক নিৰ্মিত হয়।

 

“কবীৰ সিঙক” লৈ নিৰ্মিত মিম

বলিউদৰ জনপ্ৰিয় ছবি শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানিক লৈ নিৰ্মিত ছবি কবীৰ সিঙক লৈ বহু সংখ্যক মিম নিৰ্মিত হয়। ছবিখনৰ এটা দৃশ্যাংশত শ্বাহিদ কাপুৰে নিজৰ বনকৰা মানুহজনীক মাৰিবলৈ পিছত দৌৰি যোৱা দেখা পোৱা যায়। উক্ত ছবি খনক লৈ বহু মিম নিৰ্মিত হয়। এই ছবিখনৰ ওপৰত নিৰ্মিত মিমে ছছিয়েল মিডিয়াত যথেষ্ট খোৰাকৰ সৃষ্টি হয়।

আলিয়া ভট্টৰ “গলী বয়”

আলিয়া ভট্টৰ ছবি গলী বয়ৰ ওপৰতো বহু সংখ্যক মিম নিৰ্মিত হয়। ছবিখনত আলিয়া ভট্টে ৰনবীৰ সিঙৰ বান্ধবীৰ মূৰত বটল ভঙা অথবা গুলু-গুলু ডায়লগটোৰ ওপৰত নিৰ্মিত মিমটোৱে যথেষ্ট চৰ্চিত হয়।

Comments (0)
Add Comment