২০২০ বর্ষত আহিবলগীয়া বলীউডৰ ৩ খানৰ ছবি…

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ আগন্তুক বর্ষত বলীউডত মুক্তি পাব তিনি খান ক্রমে ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ অন্যতম তিনিখনকৈ ছবি৷ চলিত বর্ষটোত একাধিক ছবিত অভিনয় কৰিব যদিও আৰম্ভণিৰে পৰাই ইতিমধ্যে দর্শকৰ মাজত চর্চিত হৈছে ক্রমে ৰাধে, লাল সিং ছদ্দা আৰু দক্ষিণৰ তামিল ছবিৰ পৰিচালক আটলিৰ আগন্তুক ছবি ছাংকী৷ বলীউডৰ তিনি খান ছলমান–শ্বাহৰুখ–আ ২০২০ বর্ষত আহিবলগীয়া ছবিকেইখনৰ বিষয়ে সংক্ষিপ্তভাৱে আগবঢ়োৱা হ’ল–
ৰাধেঃ প্রভু দেৱাৰ দ্বাৰা পৰিচালিত তথা ছলমান খান, ছোহেইল খান আৰু অতুল অগ্ণিহোত্রীৰ দ্বাৰা প্রযোজিত এখন একচন ধর্মী চিনেমা হ’ল ৰাধে৷ ৰাধেত ছলমান খানৰ লগতে অভিনয় কৰিছে দিছা পাটানি আৰু ৰণদ্বীপ হুদাই৷ ছবিখন ২০২০ চনৰ ২২ মে’ত চিত্রগৃহলৈ আহিব৷

লাল সিং ছদ্দাঃ এডভাইট চন্দনৰ দ্বাৰা পৰিচালিত তথা আমিৰ খান আৰু কিৰণ ৰাওৰ দ্বাৰা প্রযোজিত এখন বহু প্রতিক্ষিত চিনেমা হ’ল লাল সিং ছদ্দা৷ ছবিখনৰ সংগীত প্রীতমৰ৷ লাল সিং ছদ্দাত আমিৰ খানৰ বিপৰীতে মুখ্য চৰিত্রত অভিনয় কৰিছে কৰীণা কাপুৰ খানে৷ ছবিখন ২০২০ চনৰ ২৫ ডিচেম্বৰত চিত্রগৃহলৈ আহিব৷ এই ছবিখনত ছলমান খান আৰু শ্বাহৰুখ খানকো বিশেষ অতিথি ৰূপত দর্শকে দেখা পাব পাৰে৷

বলীউডৰ কিং খান খ্যাত শ্বাহৰুখ খানে এতিয়াও তেওঁৰ আগন্তুক আহিবলগীয়া ছবিৰ নাম আৰু মুক্তিৰ দিন থিৰাংকৈ কোৱা নাই৷ শুনিবলৈ পোৱা মতে তামিল ছবিৰ পৰিচালক আটলিৰ আহিবলগীয়া ছবি ‘ছাংকী’ত শ্বাহৰুখ খানক মুখ্য চৰিত্রত দেখা পোৱাৰ সম্ভাৱনা আছে৷

Comments (0)
Add Comment