অসমীয়া ছবি ‘লোকেল উৎপাত’ৰ টিজাৰ মুকলি

নিয়মীয়া বাৰ্তা ১২ ফেব্রুৱাৰীঃ জনপ্রিয় অসমীয়া বোলছবি ‘লোকেল কংফু’ খ্যাত পৰিচালক কেনী বসুমতাৰী ৰচিত আৰু পৰিচালিত নতুন অসমীয়া ছবি ‘লোকেল উৎপাতৰ’ তিজাৰ মঙলবাৰে মুকলি কৰা হয়৷

গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদ মেলত আনুষ্ঠানিকভাৱে টিজাৰ মুকলি কৰি কেনী বসুমতাৰীয়ে চলচ্চিত্রখনৰ নির্মাণ আৰু মুক্তি দিয়াৰ বাবে তেওঁলোকে www.wishberry.in’ ত ক্রাউড ফাণ্ডিং অভিযান চলাই থকাৰ কথা সদৰী কৰে৷ এতিয়ালৈকে ৪০০ৰো অধিক লোকৰ পৰা ৪.৩ লাখ টকা তেওঁলোকে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ অহা ছেপ্টেম্বৰত এই ছবিখন মুকলি কৰা হ’ব৷

Comments (0)
Add Comment