বলিউডত ৩০ বছৰ সম্পূৰ্ণ কৰিলে ছলমানে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ভাৰতীয় চিনেমাত তিনিটা দশক সম্পূৰ্ণ কৰিলে অভিনেতা ছলমান খানে । এই ক্ষণত তেওঁ চিনেমা প্ৰেমী, অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ।

ইপিনে ছবিজগতত এই ৩০ বছৰীয়া যাত্রাক কোনো আশ্চর্যতকৈ কোনোগুনে কম নহয় বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে ।

অভিনেতাজনে ১৯৮৮ চনত নিৰ্মিত “বিবি হ’ তো এইছি” ৰ দ্বাৰা ছবিজগতত পদাৰ্পন কৰিছিল । তাৰ পিছত “মে নে প্যাৰ কিয়া” ত মুখ্য চৰিত্ৰত অভিনয় কৰি এজন সফল অভিনেতা ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ।

Comments (0)
Add Comment