১৫ দিন ধৰি উপবাস কৰিছে আমিৰ খানৰ কন্যাই

১৫ দিন ধৰি উপবাস কৰিছে বলীউডৰ মিষ্টাৰ পাৰফেক্টছনিষ্টৰ কন্যা ইৰা খানে। কিন্তু কিয়?


ওজন কমোৱাৰ চেষ্টাত এই পদক্ষেপ লৈছে আমিৰ খান আৰু ৰীণা দত্তৰ জীয়ৰী ইৰাই। যোৱা চাৰি-পাঁচ বছৰত ২০ কিলোগ্ৰাম ওজন বাঢ়িছে তেওঁৰ। সোমবাৰে সন্ধিয়া ইনস্টাগ্রামত নিজৰ জীৱনৰ সেই চাৰি-পাঁচ বছৰৰ কথা আৰু আগন্তুক দিনৰ প্রতিশ্রুতিৰ কথা লিখিলে ইৰাই। লগতে প্রেমিক নূপুৰ আৰু তেওঁৰ ফটোও প্ৰকাশ কৰিছে।

নূপুৰৰ সৈতে জার্মানী ভ্রমণৰ বহুকেইখন ফটো দিছে ইৰাই। ওজন অতিমাত্ৰা বঢ়াৰ বাবে আত্মবিশ্বাস হেৰুৱাই পেলাইছিল। সেয়ে এনে পদক্ষেপ লৈছে। নতুন বছৰত ইৰাই ওজন হ্ৰাস কৰাৰ প্রতিশ্রুতি লৈছে।