ৰণথম্ভোৰত গোপনে ৰণবীৰ কাপুৰ-আলিয়া ভাটৰ বিবাহৰ প্ৰস্তুতি, পৰিয়ালসহ উপস্থিত ৰাজস্থানত

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ কাপুৰ পৰিয়ালৰ ৰাজকুমাৰ ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছে। এতিয়া অপেক্ষা কেৱল এই সম্পৰ্কৰ স্থায়িত্বক লৈ। দুয়োগৰাকী চেলিব্ৰিটীৰ বিবাহক লৈ সম্প্ৰতি চলি থকা আলোচনাক লৈ আলিয়া ভাট আৰু ৰণবীৰে স্থিতি স্পষ্ট কৰিছিল যদিও শেহতীয়াকৈ এক ডাঙৰ খবৰ আহিছে চৰ্চালৈ।

খবৰ অনুযায়ী ৰাজস্থানৰ ৰণথম্ভোৰত দুয়োগৰাকীয়ে গোপনীয়তাৰে বিবাহ অনুষ্ঠিত কৰাৰ বাবে চলাইছে যো-জা। ইতিমধ্যে ৰাজস্থানত নৱবৰ্ষ উদযাপনৰ বাবে দুয়োৰে পৰিয়ালো ৰাজস্থানত উপস্থিত হৈছে। ৰাজস্থানৰ পৰ্যটনস্থল ৰণথম্ভোৰৰ অভিজাত হোটেল অমন-ই-খাছত থিতাপি লৈছে দুয়োগৰাকীৰ লগতে পৰিয়াল।

তেওঁলোকক সংগ দিছে ৰণবীৰ সিং আৰু দীপিকা পাদুকনে। ইয়াৰ লগতে পৰিচালক কৰণ জোহৰ গোৱাৰ পৰা ৰাজস্থানলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। ৰণবীৰ-আলিয়াৰ পৰিয়ালৰ লগতে বন্ধু ৰণবীৰ-দীপিকা, কৰণ জোহৰ আদিৰ একেলগে ৰাজস্থান গমনে সেয়েহে অনুৰাগীৰ মাজত সৃষ্টি কৰিছে কৌতূহল।

খবৰ অনুসৰি এয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিশেষ এংগেজমেণ্ট পাৰ্টীৰ আয়োজন। নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত হয়তো জনা যাব এই বিষয়ক সম্পূৰ্ণ সত্যটো।