অসমকন্য়া অংকিতা কোঁৱৰ। অংকিতাই জানে তেওঁৰ অনুৰাগীক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব লাগে। ছচিয়েল মিডিয়াত নতুন ধৰণে ব্যক্তিগত জীৱনৰ সৰু সৰু অংশ প্ৰদৰ্শন কৰি অনুৰাগীৰ লগতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে অংকিতাই। ২০২১ চনৰ দৰে নতুন বছৰতো একেধৰণে অনুৰাগীক ধৰি ৰখাৰ চেষ্টা কৰিছে। নতুন বছৰৰ নতুন সময়ত মডেল-অভিনেতা মিলিণ্ড সুমনৰ পত্নী অংকিতাই এইবাৰ স্বামীৰ সৈতে ৰাজস্থানৰ জয়চালমেৰত কটোৱা আনন্দময় সময়ৰ ফটো আৰু ভিডিঅ পোষ্ট কৰি চমক দিছে।
ইনষ্টাগ্ৰামত শেহতীয়াকৈ প্ৰকাশ কৰা ভিডিঅটোত দেখা গৈছে অংকিতাই খুব ধুনীয়াকৈ গীটাৰ বজাই এটি গীত গুণগুনাইছে আৰু স্বামী মিলিণ্ডে বৰ মৰমেৰে তেওঁলৈ চাই আকৌ এবাৰ ভালপোৱাত ডুব গৈছে। এনেদৰে তেওঁলোকে ২০২২চনটো আৰম্ভ কৰিছে। লগতে দুয়োৰে আলিংগনৰ ফটো এখন প্ৰকাশ কৰিছে।