ডিভাইন! অসমীয়া এসাঁজ গ্ৰহণ কৰি কি লিখিলে অনুষ্কা শৰ্মাই, কি কি আছিল খাদ্যত, কোনে ৰান্ধিছিল…

বিশেষ বাৰ্তা, ৬ জুনঃ অভিনেত্ৰী অনুষ্কা শৰ্মা এগৰাকী খাদ্যপ্ৰেমী। তেওঁ নিজৰ ভোগ-বিলাস অনলাইনত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰে। ক্লাছিক দক্ষিণ ভাৰতীয় খাদ্য়ৰ পৰা বাংলা খাদ্যলৈকে অভিনেত্ৰীগৰাকীক সকলোবোৰ ভালদৰে উপভোগ কৰা দেখা যায়। শেহতীয়া ফুডী ট্ৰেইলত উত্তৰ-পূবৰ খাদ্যসম্ভাৰ অন্তৰ্ভুক্ত কৰা দেখা গৈছে মোহময়ীগৰাকীক। অনুষ্কাই দেওবাৰে গ্ৰহণ কৰা স্বাস্থ্যকৰ আৰু সুস্বাদু অসমীয়া আহাৰৰ ফটো শ্বেয়াৰ কৰিছে তেওঁৰ ইনষ্টাগ্ৰামত।

অনুষ্কাৰ খাদ্যৰ প্লেটত বগা ভাতৰ ওপৰত বনৌষধি আৰু মছলাৰে ৰন্ধা দাইলখন দেখা গৈছে। কাষতে আছে ভাতকেৰেলাৰ এখন শুকান ভাজি আৰু কাঁচ কলৰ পিটিকা। অসমীয়া দুপৰীয়াৰ আহাৰ গ্ৰহণৰ অনুষ্কাৰ প্লেটখনত বীটৰ চালাড আৰু কাষত আচাৰ অকনমানো দেখা গৈছে।কেপচনত তেওঁ লিখিছে- This Assamese lunch was divine, to say the least আৰু লগতে আছে ইমোজী। অনুষ্কাই গীতিকা পাকঘৰক টেগ কৰি খাদ্যৰ ক্ৰেডিট দিছে। অনুষ্কাই ধ্ৰুৱ সেহগালক টেগ কৰি উপদেশ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে, গীতিকা পাকঘৰেও অনুষ্কা শৰ্মাৰ ষ্টোৰীৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি একেখন প্লেটকে দেখুৱাইছে। কেপচনত গীতিকাই উল্লেখ কৰিছে, “কালি যেতিয়া ফোনটো আহিছিল, মই কল্পনাও কৰা নাছিলো যে আজি অনুষ্কা শৰ্মাৰ ঘৰৰ পৰাই তেওঁৰ পৰিয়ালৰ দুপৰীয়াৰ আহাৰ + অতিথিৰ বাবে প্ৰস্তুতি চলাবলৈ দিব। তেওঁ এয়া ইনষ্টাগ্ৰাম পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি আমাক আচৰিত কৰিলে আৰু কাইলৈৰ বাবেও একেখিনি খাদ্যই বিচাৰিছে, সঁচাকৈয়ে!!! এই কথা বিশ্বাস কৰিবলৈ নিজকে চিকুটি চাইছোঁ।”