BOX OFFICE ত তানহাজীৰ আধিপত্য, দীপিকাৰ ‘চাপাক’ৰ হৈছে দুৰ্গতি

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ বলিউডত একেদিনাই মুক্তি লাভ কৰা অজয় দেৱগন অভিনীত তানহাজী আৰু দীপিকা পাডুকনৰ অভিনীত চাপাকক লৈ বৰ্তমান সকলো ছবিপ্ৰেমীৰে মাজত চৰ্চা লাভ কৰিছে ।

মুক্তিৰ প্ৰথম দিনৰ পৰায়ে তানহাজীঃ দ্যা আনছাংগ ৱাৰিয়ৰ ছবিখনক দৰ্শকে আদৰি লোৱা দেখা গৈছিল । কিন্তু তাৰ বিপৰীতে দীপিকা পাডুকন অভিনীত চাপাকৰ প্ৰথম সপ্তাহত দৰ্শকে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল যদিও বৰ্তমান ছবিখন আশানুৰূপ ধৰণেৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

বক্স অফিছ ইণ্ডিয়াৰ মতে তানহাজী ছবিখনে বৰ্তমানলৈকে প্ৰায় ১৬২.২৮ কোটি টকাৰ উপাৰ্জন কৰিছে । বিপৰীতে চাপাকে বক্স অফিছত তেনেধৰণৰ সফলতা দেখুৱাবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে চাপাকে প্ৰথম সপ্তাহত ২৫.৭৫ কোটি টকা উপাৰ্জন কৰাৰ লগতে দ্বিতীয় সপ্তাহত মাত্ৰ ৩.৫০ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয় ।

Comments (0)
Add Comment