ফ’বছৰ বর্ষশ্রেষ্ঠ ৮ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

অসম সন্তানৰ আন এক সুখ্যাতি

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ হলীউড–বলীউডৰ বহু ছবিত কৰা শক্তিশালী অভিনয়েৰে দর্শকৰ হূদয়ত সুকীয়া স্থান দখল কৰা অসম সন্তান আদিল হুছেইনে আন এক সুখ্যাতিৰে গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক৷ আন্তঃৰাষ্ট্রীয় আগশাৰীৰ বার্তালোচনী ফ’বছৰ ২০২১ বর্ষৰ সর্বশ্রেষ্ঠ বলীউডৰ অভিনেতাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট অভিনেতাজনে৷ শেহতীয়াকৈ মুক্তি লাভ কৰা ‘বেলবটম’ নামৰ হিন্দী ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁক বিগত বর্ষটোৰ ৮জন শ্রেষ্ঠ অভিনতাৰ ভিতৰত স্থান প্রদান কৰিছে ফ’বছে৷ এই সন্দর্ভত ফ’বছত আদিল হুছেইনৰ বিষয়ে উল্লেখ কৰি এইদৰে কোৱা হৈছে– ‘এখন ছবিত মূল চৰিত্রত অভিনয় নকৰাকৈয়ে দর্শকৰ দৃষ্টি আকর্ষণ কৰাটো অত্যন্ত কঠিন৷ যি সময়ত মূল চৰিত্রত অক্ষয় কুমাৰৰ দৰে অভিনেতাই অভিনয় কৰে, তেতিয়া এই কাম অধিক কঠিন হৈ পৰে৷ কিন্তু এয়া সম্ভৱ কৰি তুলিছে আদিল হুছেইনে৷ ‘বেলবটম’ নামৰ ছবিখনত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ছবিত অভিনয়েৰে তেওঁ এয়া সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে৷’

দুবাৰকৈ ৰাষ্ট্রীয় বঁটাৰে সন্মানিত আদিল হুছেইনৰ উপৰি এই তালিকাত স্থান লাভ কৰা আন অভিনেতা–ভিনেত্রীসক হৈছে মাৰাঠী অভিনেতা অমৰুটা সুভাষ, মানৱ কৌল, চিকন্দৰ খেৰ, জিমি শ্বেৰগীল, অভিষেক বেনার্জী, সুপ্রিয়া পাঠক আৰু আশুতোষ ৰাণা৷ ইফালে এই স্বীকৃতি লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত প্রতিক্রিয়া প্রকাশ কৰি অভিনেতা আদিল হুছেইনে এয়া অপ্রত্যাশিত বুলি মন্তব্য কৰে৷ তেওঁ কয়– ‘এয়া মই একেবাৰেই আশা কৰা নাছিলোঁ৷ অক্ষয় কুমাৰৰ তুলনাত মোৰ চৰিত্রটো যথেষ্ট সৰু আছিল আৰু এইটো কেন্দ্রীয় চৰিত্রও নাছিল৷ তদুপৰি ‘বেলবটম’ এখন সম্পূর্ণ বাণিজ্যিক ছবি৷ সেয়েহে এনেদৰে ফ’বছৰ তালিকাত স্থান লাভ কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ৷ অসমবাসীৰ মৰম আৰু আশীর্বাদ নাথাকিলে মই কেতিয়াও ইমানদূৰ আগবাঢ়ি যাব নোৱাৰিলোঁহেঁতেন৷’