ধেমাজিত বিদেশী পৰ্যটকে বিহুনামত নাচিলে কঁকাল ঘূৰাই ঘূৰাই

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : জাতীয় সাজপাৰ পৰিহিত প্ৰায় পাঁচ শতাধিক লোকেৰে  পৰিপূৰ্ণ প্ৰেক্ষাগৃহ৷ বাহিৰত প্ৰখৰ ৰ’দ যদিও প্ৰেক্ষাগৃহৰ ভিতৰত স্বাভাৱিক গৰম৷ এক উদুলি-মুদুলি পৰিৱেশতে মঞ্চত ঢোলৰ চেও ৷ নামতিয়ে জুৰিলে বিহু নাম৷ চৌদিশে অবতৰীয়া বিহু নামেৰে ৰজনজনাই গ’ল প্ৰেক্ষাগৃহ৷ তেনেতে মঞ্চলৈ উঠি গৈ বিহু নামত কঁকাল ঘূৰাই ঘূৰাই নাচিলে এগৰাকী বিদেশীয়ে৷ অসমীয়া নাজানিলেও বিহুনামত প্ৰাণঢালি নাচি উপস্থিত সকলোকে কৰিলে মুগ্ধ ৷ হয়, বিহুনাম শুনি অলপো ৰ’ব নোৱৰা এই মহিলা বিদেশীগৰাকী হ’ল সুদূৰ দক্ষিণ কোৰিয়াৰ চ্যুং চ্চিন জা৷ পৃথিৱীৰ জনপ্ৰিয় প্ৰাকৃতিক চিকিৎসা পদ্ধতি  থেৰাপী গ্লবেল ভিগেন কোৰিয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৭৫ বছৰীয়া সপ্ৰতিভ দুৰন্ত তৰুণী  বিদেশীগৰাকীয়ে এনেদৰে ভিগেন ইণ্ডিয়া ধেমাজি কেন্দ্ৰই ধেমাজি আঞ্চলিক পঞ্চায়তৰ  বহুমূখী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গ্লবেল ভিগেন কোৰিয়াৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ বিহু নাচি একপ্ৰকাৰ চমৎকাৰ প্ৰদান কৰে ৷ অনুষ্ঠানত তেওঁ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক  ভূয়সী প্ৰশংসা কৰে আৰু ১৯৯৫ চনত স্থাপন কৰা তথা পৃথিৱীৰ ৮০খন দেশত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা থেৰাপী গ্লবেল ভিগেন কোৰিয়াৰ ইতিহাসৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে৷ প্ৰচুৰ অভিজ্ঞতাসম্পন্ন  চ্যুং  চ্চিন  জায়ে সম্প্ৰতি সমগ্ৰ পৃথিৱীত বৃদ্ধি পোৱা বিভিন্ন ৰোগৰ কাৰণৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় আৰু ৰোগৰ পৰা কিদৰে ৰক্ষা পাব পাৰি সেই বিষয়েও উপস্থিত ৰাইজক ভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ লক্ষ্যণীয় যে বিদেশীগৰাকী  ধেমাজি নগৰত উপস্থিত হোৱাৰ মাত্ৰে তেওঁক গায়ন-বায়ন আৰু বিহুৱা দলেৰে সভাগৃহলৈ আদৰি নিয়া হয় আৰু এখন চেলেং চাদৰ, মুগা গামোচা, স্মাৰক আৰু ফুলৰ থোপাৰে উষ্ম অভিনন্দন জনোৱা হয়৷ উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা উদযাপন সমিতিৰ সভাপতি শশী শইকীয়া আৰু সম্পাদক ভদ্ৰেশ্বৰ কোঁৱৰে কৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়৷ ভিগেন ধেমাজি কেন্দ্ৰৰ পৰিয়ালে পৰিৱেশন কৰা সমবেত সংগীতৰ পিছত বিশিষ্ট সাহিত্যিক কৰবী দেউৰীয়ে ৰচনা কৰা আৰু উষা বৰগোহাঁয়ে পৰিচালনা কৰা এখনি সংগীতালেখ্য আগবঢ়োৱা হয়৷ অনুষ্ঠানত ভিগেন ইণ্ডিয়াৰ  কাৰ্যবাহী বিষয়া সুংগন পাৰ্ক, পৰিচালন সঞ্চালক ৰেৱ বৰুৱা, আঞ্চলিক সঞ্চালক  অনুপ কুমাৰ দিহিঙীয়া, কাৰ্যবাহী সঞ্চালক ড০ প্ৰীতি সিং, বিপণন পৰিচালক পৰীস্মিতা গগৈ, ক্ষেত্ৰ পৰিচালক বিকি সোনোৱাল, পুলকেশ কোচে অংশ লয়৷ প্ৰতিষ্ঠা দিৱসত ভিগেন থেৰাপীৰ ধেমাজি,  চিলাপথাৰ, গোগামুখ, জোনাই, পাছিঘাট আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰায় পাঁচ শতাধিক সদস্য উপস্থিত থাকে ৷
Featured