মুকেশ আম্বানিক অতিক্রমি ভাৰতৰ ধনাঢ্যৰ শীর্ষত গৌতম আদানি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ আগষ্টঃ হুৰুণ ভাৰত ধনাঢ্য বক্তিৰ তালিকাত ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিক অতিক্রম কৰি শীর্ষস্থান লাভ কৰিছে আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানিয়ে৷ ২০২০ চনত চতুর্থ স্থানত থকা গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ বিগত এটা বর্ষত ৯৫ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে মুকেশ আম্বানীক অতিক্রম কৰি ভাৰতৰ এক নম্বৰ ধনাধ্য ব্যক্তিত পৰিণত হয়৷ হুৰুণে প্রকাশ কৰা ধনাধ্য ব্যক্তিৰ তালিকা মতে, ভাৰতত ২০২৪ চনত ধনকুবেৰৰ সংখ্যা ২৯ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে চীনত ধন কুবেৰৰ সংখ্যা ২৫ শতাংশ হ্রাস পাইছে৷ হুৰুণৰ তালিকাত শীর্ষস্থানত থকা গৌতম আদানীৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ১১. ৬ লাখ কোটি টকা৷ আনহাতে দ্বিতীয় স্থানত থকা মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ১০.১৪ লাখ কোটি টকা৷ তৃতীয় স্থানত এইচচিএল টেকন’ল’জীৰ শিৱ নাডাৰ পৰিয়াল৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ৩.১৪ লাখ কোটি টকা৷ শীর্ষ ৫টা স্থানৰ ভিতৰত চতুর্থত ২.৮৯ লাখ কোটি টকাৰে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ছাইৰাছ এছ পুনেৱালা, পঞ্চম স্থানত ২.৪৯ লাখ কোটি টকাৰে চান ফার্মাচিটিউকেল ইণ্ড্রাষ্টিজৰ দিলীপ চাংভি৷ বিগত বর্ষত দেশত বিলিয়নাৰৰ সংখ্যা নতুনকৈ ৭৫ জন বৃদ্ধি পাইছে৷ ইয়াকে লৈ দেশত মুঠ বিলিয়নাৰৰ সংখ্যা ৩৩৪জন৷ এই তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে৷ শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ ৭৩০০ কোটি টকা৷ অভিনয়ৰ লগতে নিজা প্রডাকচন হাউছ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু আইপিএলৰ দল কলকাতা নাইট ৰাইডার্ছৰ অন্যতম স্বত্বাধিকাৰী শ্বাহৰুখ খানে ব্যৱসায়িক ক্ষেত্রখনতো সাফল্য লাভ কৰি ভাৰতৰ ধনাধ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ তালিকা মতে, ৫ হাজাৰ কোটিতকৈ অধিক সম্পত্তিৰ গৰাকী হৈছে ১৫৩৯জন৷ বিগত বর্ষৰ তুলনাত ২২০ জন বৃদ্ধি পাইছে৷ এহেজাৰ কোটিতকৈ অধিক সম্পত্তিৰ তালিকাত আছে ৪৬০০ কোটি টকাৰে অভিনেত্রী জুহী চাওলা, ২০০০ কোটি টকাৰ সম্পত্তিৰ অভিনেতা হূত্বিক ৰোচন, ১৪০০ কোটি টকাৰে কৰন জহৰ, ১৬০০ কোটি টকাৰে অমিতাভ বচ্চনো আছে৷ হুৰুণ ইণ্ডিয়াৰ প্রতিষ্ঠাতা আৰু মুখ্য গৱেষক আনাছ ৰেহমান জুনেইডে প্রকাশ কৰা মতে, ভাৰত এছিয়াৰ সম্পত্তিৰ সৃষ্টিকাৰী ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে৷ দেশৰ কনিষ্ঠতম বিলিয়নাৰ হৈছে কৈবল্য ব’হৰা৷ ২১ বছৰীয়া কৈবল্য বহৰা জেপ্ঢোৰ সহ প্রতিষ্ঠাতা৷ জেপ্ঢো হৈছে ৫ বিলিয়ন মার্কিন ডলাৰৰ ষ্টার্টআপ৷ এই জেপ্ঢোৰ আন এগৰাকী সহ প্রতিষ্ঠাতা আদিত পালিচা হৈছে দ্বিতীয় কনিষ্ঠতম বিলিয়নাৰ৷

Featured