ভাৰতী–হর্ষ লিম্বাচিয়াক ন্যায়িক জিম্মালৈ প্রেৰণ, আজি জামিন আবেদনৰ শুনানি

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ নার্ক’টিক কণ্ড্র’ল ব্যুৰ’ (এনচিবি)এ ড্রাগছৰ গোচৰত গ্রেপ্তাৰ কৰা টেলিভিছন ধাৰাবাহিকৰ অভিনেত্রী ভাৰতী সিং আৰু তেওঁৰ স্বামী হর্ষ লিম্বাচিয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷ স্মর্তব্য যে এন চি বিৰ বিষয়াৰ দলে ভাৰতী আৰু হর্ষৰ মুম্বাইস্থিত বাসভৱনত তালাচী চলোৱাৰ পিছতে দুয়োগৰাকীক আটক কৰা হৈছিল৷

পৰৱর্তী সময়ত দুয়োগৰাকী কৌতুক অভিনেতা অভিনেত্রীক গ্রেপ্তাৰ কৰে এন চি বিয়ে৷ উল্লেখনীয় যে টিভি ধাৰাবাহিকৰ অভিনেতা–অভিনেত্রী দম্পতীৰ বাসভৱনত এন চি বিয়ে জব্দ কৰিছিল গাঞ্জা৷ এন চি বিয়ে দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ আজি অভিনেতা দম্পতীৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰিব আদালতে৷

Featured