হতাশাৰে যুঁজি আছে আমিৰ খানৰ কন্যা ইৰা খানে, নিজকে সুধিলেঃ সকলো আছে মোৰ, তথাপি মই হতাশ কিয়?

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ জীয়াৰী ইৰা খানে বিগত ৪ বছৰে ভুগি আছে হতাশগ্ৰস্ততাত। এটা ভিডিঅ’যোগে ইৰা খানে ব্যক্ত কৰে এই কথা। সামাজিক মাধ্যমত সদায়ে সক্ৰিয় ভূমিকা পালন কৰা ইৰা খানে মানসিক স্বাস্থ্য দিৱসৰ দিনা অৰ্থাৎ কালি তেওঁ জীৱনৰ বিষয়ে সমগ্ৰ বিশ্বকে জনাই দিয়ে।

ইৰা খানৰ এই ভিডিঅ’ চোৱাৰ পিছত বিচলিত হৈ পৰে অনুৰাগীসকল। বিষণ্ণতাত ভোগা ইৰা খানে ভিডিঅ’যোগে কয় যে তেওঁ নিজৰ কমফোৰ্ট জ’নৰ পৰা ওলাই আহি কিছু ভিন্ন কামৰ বাবে সাজু হৈছে। মানসিক স্বাস্থ্য দিৱসৰ দিনা সেয়েহে ইৰা খানে সকলোৰে লগত এই কথা শ্বেয়াৰ কৰিব বিচাৰিছে।

চাৰি বছৰজোৰা হতাশগ্ৰস্ততাৰ পিছত তেওঁ এতিয়া কিছু সুস্থ হোৱা বুলিও জনায়। লগতে ইৰাই এনে এক অৱস্থানত নিজকে থিয় কৰাব বিচাৰে, য’ত হতাশাৰ কোনো আশ্ৰয় নাই। এনে বিভিন্ন কথা শ্বেয়াৰ কৰাৰ পিছত ইৰাই উত্থাপন কৰে এটা প্ৰশ্ন- মোৰ সকলো আছে, কিন্তু মই কিয় হতাশগ্ৰস্ত?

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টো চাই বহুতে তেওঁক প্ৰশংসা কৰি কৈছে যে হতাশাৰ বিষয়ে খোলাকৈ কোৱা সহজ নহয়। কিন্তু ইৰাই এনে কাৰ্যৰে হতাশগ্ৰস্ত সকলোকে অণুপ্ৰাণিত কৰি তুলিলে।