প্রায় ৭ বছৰ বিৰতিৰ পিছত পুনৰ ছবিজগতলৈ অভিনেত্রী জয়া বচ্চন

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ১৯৭৩ চনত অমিতাভ বচ্চনৰে বিবাহ হোৱাৰ পিছত অভিনয় একপ্রকাৰ এৰি দিছিল এসময়ৰ খ্যাতিমান নায়িকা জয়া বচ্চনে।

ইয়াৰ মাজতে কৰন জোহৰৰ ‘কভি খুচি কভি গম’ আৰু ‘কাল হো না হো’ ছবিত বিশেষ চৰিত্ৰত অভিনয়ৰ লগতে ঋতুপর্ণ ঘোষৰ ‘ছানগ্লাছ’ ছবিত দেখা গৈছিল তেওঁক। এই ছবি প্রদর্শিত হৈছিল ২০১৩ চনত।

ইয়াৰ পিছত কোনো ছবিতে পদাৰ্পণ কৰা নাছিল জয়াই। শেহতীয়াকৈ প্ৰায় ৭ বছৰৰ মূৰত এখন মাৰাঠী ছবিৰ মাধ্যমেৰে জয়া বচ্চন পুনৰ ৰূপালী পৰ্দাত ওলাবলৈ গৈ আছে।

আগন্তুক মার্চ মাহতেই জয়া বচ্চনে শ্বুটিঙত ব্যস্ত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য, বর্তমান ৰাজনীতিক লৈয়ে ব্যস্ত থকা সমাজবাদী পার্টিৰ ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনৰ ৰূপালী পৰ্দাত হ’ব লগা পদাৰ্পণে আনন্দিত কৰিছে অনুৰাগীসকলক।