কংগনা ৰানাৱটৰ কাৰ্যালয়ত বি এম চিৰ বুলডেজাৰঃ ন্যায়ালয়ৰ ৰায়দান

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ বোম্বে উচ্চ ন্যায়ালয়ে আজি অভিনেত্ৰী কংগনা ৰানাৱটৰ কাৰ্যালয় ভঙা গোচৰ সম্পৰ্কে ৰায়দান কৰে। বোম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি কংগনাৰ কাৰ্যালয়ৰ ক্ষতিৰ মূল্য দিব লাগিব বি এম চিয়ে। অৱশ্যে আদালতে নিৰপেক্ষভাৱে ক্ষতিৰ মূল্য নিৰ্ধাৰণ কৰিব।

আদালতে স্বীকাৰ কৰে যে কংগনাক ধমকি দিয়াৰ উদ্দেশ্যে এই সকলোবোৰ কৰা হৈছিল আৰু বিএমচিৰ উদ্দেশ্য শুদ্ধ নাছিল। আদালতে কয় যে যিকোনো ক্ষতি বিএমচিৰ দ্বাৰা পূৰণ কৰা হ’ব। আনহাতে কংগনাই বিএমচিৰ পৰা কাৰ্যালয়টো পুনৰ নিৰ্মাণৰ বাবে আৱেদন কৰিব লাগিব। তিনি মাহৰ ভিতৰত ক্ষতিৰ মূল্যাংকন কৰিব লাগিব।

আদালতখনে লগতে কংগনাৰ বিবৃতিৰ ওপৰত প্ৰশ্নও উত্থাপন কৰে আৰু কয় যে বক্তব্য আগবঢ়াওঁতে ভাবি-চিন্তি আগবঢ়াব লাগে। আদালতে এইক্ষেত্ৰত বি এম চিকো সতৰ্কবাণী শুনাই কয় যে কোনো লোকে মূৰ্খতাপূৰ্ণ মত আগবঢ়োৱাৰ বাবে ৰাজ্যৰ দ্বাৰা শাৰীৰিক ক্ষমতা প্ৰয়োগ কৰা অনুচিত।

আদালতৰ ৰায়ত সুখী বুলি জানিবলৈ দি অভিনেত্ৰী কংগনাই এইক্ষেত্ৰত যুঁজ কৰাৰ বাবে তেওঁক সাহস যোগোৱাসকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য মুম্বাইৰ পালি হিলত থকা কংগনা ৰানাৱটৰ কাৰ্যালয়ৰ ভিতৰত অবৈধ নিৰ্মাণ হোৱাৰ অভিযোগত ৯ ছেপ্টেম্বৰত কাৰ্যালয়ৰ অবৈধ নিৰ্মাণ ভাঙি পেলাইছিল মুম্বাই পৌৰ নিগমে।