নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ অপেক্ষাৰ অৱসান। পৰিয়াললৈ আহিল আৰু এজন সদস্য। দেওবাৰে দ্বিতীয়বাৰলৈ পুত্র সন্তান জন্ম দিলে অভিনেত্রী কৰিনা কাপুৰ খানে। দাদা হ’ল সৰু তৈমুৰ। ২০১৬-তে প্রথমবাৰলৈ মাতৃ হৈছিল কৰিনা কাপুৰ।
দেওবাৰে মুম্বাইৰ ব্রিঞ্জ কেন্ডি নাৰ্চিংহোমত সন্তান জন্ম দিলে অভিনেত্রীগৰাকীয়ে। চিকিৎসকে জানিইছে, মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ আছে।
উল্লেখ্য যে দ্বিতীয়বাৰ মাতৃ হোৱা কৰিনাক যোৱানিশা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি হৈছিল। তাৰপাছতে ২১ ফেব্ৰুৱাৰীৰ পুৱা কৰিনাৰ কোলালৈ আহিল এটি পুত্ৰ সন্তান।
আনহাতে ২০২০ৰ আগষ্ট মাহতে নতুন সদস্য অহাৰ খবৰ প্ৰকাশ কৰিছিল কৰিনা আৰু ছইফে।