পুনৰ মাতৃ হ’ল কৰীণা কাপুৰ খান

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। এইকেইদিন লাইমলাইটত থকা কৰীণা কাপুৰ খান পুনৰ মাতৃ হ’ল ৷

আজি মুম্বাইৰ ব্রিঞ্জ কেন্ডি হাস্পতালত জন্ম দিলে এক পুত্র সন্তানৰ। আজি পুৱা ৮.৩০ বজাত সন্তান প্ৰসৱ কৰে কৰীণাই।

কালি বেদনা অনুভৱ কৰাত সন্ধিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কৰীণাক। খবৰ অনুযায়ী মাক আৰু সন্তান দুজনেই সুস্থ হৈ আছে।

দ্বিতীয় সন্তান ভূমিস্থ হোৱাৰ সময়ত কৰীণাৰ কাষত আছিল স্বামী ছইফ আলী খান।