নীৰজ চোপ্ৰাই বিপদ মাতিছে তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়ালৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ নীৰজ চোপ্ৰা আৰু মনু ভাকেৰে পেৰিছ অলিম্পিকত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। জেভলিন থ্ৰ’ ইভেণ্টত নীৰজে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শ্বুটিং কুইন মনু ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। তৃতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ মাত্ৰ এখোজ বাকী আছিল মনু। এতিয়া ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক উপাৰ্জনৰ ক্ষেত্ৰত চেৰ পেলাইছে। লগতে শ্বুটাৰ মনু ভাকেৰৰ উপাৰ্জন বৃদ্ধিৰ খবৰ আহিছে। ‘ইকনমিক টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান ক্ৰ’লৰ তথ্যৰ ভিত্তিত নীৰজ চোপ্ৰাৰ মূল্য ব্যাপক বৃদ্ধি হ’ব। প্ৰতিবেদন অনুসৰি নীৰজৰ মূল্য ২৯.৬ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ২৪৮ কোটি ভাৰতীয় টকা)ৰ পৰা ৪ কোটি মাৰ্কিন ডলাৰ (প্ৰায় ৩৩০ কোটি ভাৰতীয় টকা)লৈ বৃদ্ধি পাব। আৰু কোৱা হৈছিল যে অলিম্পিকৰ পূৰ্বে নীৰজ চোপ্ৰাৰ মূল্য (টকা) হাৰ্দিক পাণ্ডিয়াৰ সমান আছিল যদিও নীৰজে এতিয়া হাৰ্দিক পাণ্ডিয়াক এৰি যাব বুলি আশা কৰা হৈছে। বৰ্তমান নীৰজ ভাৰতৰ অন্যতম মূল্যৱান খেলুৱৈ। নীৰজ চোপ্ৰাৰ উপৰি মনু ভাকেৰৰ মূল্যও বৃদ্ধি পালে। খবৰ অনুসৰি, শেহতীয়াকৈ মনুৱে এটা শীতল পানীয়ৰ সৈতে ১.৫ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। পেৰিছ অলিম্পিকৰ পিছত শ্বুটিং কুইনৰ মাচুলৰ ডাঙৰ পৰিৱৰ্তন হৈছে। খবৰ অনুসৰি পেৰিছ অলিম্পিকৰ পূৰ্বে মনুৱে চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰায় ২৫ লাখ টকা লয়, যিটো এতিয়া বৃদ্ধি পাইছে। উল্লেখ্য যে ভাকৰৰ স্বাক্ষৰৰ বাবে প্ৰায় ৪০টা ব্ৰেণ্ডে তেওঁৰ কাষ চাপিছিল।

Featured