আম্বানিপুত্ৰৰ বিবাহানুষ্ঠানত পপ তাৰকা ৰিহানাৰ মাননি ৭৪ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ  ধনকুবেৰ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানিৰ৷ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানি আৰু নীতা আম্বানিৰ কনিষ্ঠ পুত্র অনন্ত আম্বানিৰ বিবাহ হ’ব ৰাধিকা মার্চেণ্টৰ সৈতে৷ ২৯ ফেব্রুৱাৰীৰ পৰা দেশ–বিদেশৰ বিভিন্ন খণ্ডৰ চেলিব্রিটীসমূহ ইতিমধ্যে এই বিবাহৰ প্রাক্ কার্যসূচীত অংশ ল’বলৈ গুজৰাটৰ জামনগৰত উপস্থিত হৈছে৷ আম্বানি পৰিয়ালৰ বিশাল অট্টালিকাসহ উদ্যানসমৃদ্ধ জামনগৰত আজি অনন্ত আম্বানি-ৰাধিকা মার্চেণ্টৰ বিবাহৰ প্রাক্ কার্যসূচী আয়োজিত হৈছে৷ এই বিবাহৰ প্রাক্ কার্যসূচীত আন্তর্জাতিক পপ তাৰকা ৰিহানাই সংগীত পৰিৱেশন কৰিব৷ জনপ্রিয় সংগীত তাৰকা ৰিহানা ইতিমধ্যে নিজৰ বাদ্যযন্ত্রীসহ সহশিল্পীৰে জামনগৰত উপস্থিত হৈ আজি সংগীত পৰিৱেশন কৰে৷ পপ তাৰকা ৰিহানাই সাধাৰণতে ব্যক্তিগত কার্যসূচীত অংশ নলয় যদিও ধনকুবেৰ আম্বানিৰ পুত্রৰ বিবাহত অংশ লৈছে৷ এই কার্যসূচীত সংগীত পৰিৱেশন কৰাৰ বাবেই ৰিহানাই পাৰিশ্রমিক হিচাপে লৈছে ৭৪ কোটি টকা৷ প্রায় ডেৰঘণ্টীয়া এই কার্যসূচীটোত ৰিহানাই ৭৪ কোটি টকা আদায় লোৱা বিষয়টো ব্যাপক চর্চিত হৈছে৷ ‘এন ইভিনিং এণ্ড এভাৰলেণ্ড’ শীর্ষক কার্যসূচীত ৰিহানাই তেওঁৰ জনপ্রিয় গীতসমূহ পৰিৱেশন কৰিব৷ ‘ডায়মণ্ডছ’ শীর্ষক একক কণ্ঠৰ অতি জনপ্রিয় গীতটো তেওঁৰ সংগীতানুষ্ঠানৰ অতি আকর্ষণীয়৷ উল্লেখ্য যে আম্বানিৰ কনিষ্ঠ পুত্র অনন্ত আম্বানিৰ পূর্বে ২০১৮ চনত আম্বানিৰ কন্যা ইশা আম্বানিৰ সৈতে আনন্দ পীৰামলৰ বিবাহ অনুষ্ঠানতো আন্তর্জাতিক তাৰকা বিয়নছে গীত পৰিৱেশন কৰিছিল৷ ইয়াৰ বাবে শিল্পীগৰাকীক আদায় দিয়া হৈছিল ৩৩ কোটি টকা৷ পপ তাৰকা ৰিহানাৰ উপৰি এই অনুষ্ঠানত ভাৰতীয় তাৰকা দিলজিৎ ড’জানছে সংগীত পৰিৱেশন কৰিব৷ অনুষ্ঠানত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কন্যা ইভানকা ট্রাম্প, ধনকুবেৰ মার্ক জুকাৰবার্গকে ধৰি কেইবাগৰাকীও আন্তর্জাতিক শিল্পী, উদ্যোগপতিয়ে অংশ ল’ব৷ বলীউডৰ চেলিব্রিটী বিশেষকৈ অমিতাভ বচ্চনৰ পৰিয়াল, শ্বাহৰুখ খানৰ পৰিয়াল, ৰণবীৰ কাপুৰৰ পৰিয়াল, দীপিকা পাডুকন–ৰণবীৰ সিঙকে ধৰি তাৰকাসকলে জামনগৰত ভিৰ কৰিছে৷ জামনগৰৰ এই বিবাহখন চলিত বর্ষৰ বৃহত্তম বিবাহ হিচাপে পৰিগণিত হ’ব৷

Featured