বৃদ্ধ বয়সৰ প্রেম! তৰুণীক প্রেমৰ প্রস্তাৱ দি ব্যৱসায়ীৰ দুৰৱস্থা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ছেপ্টেম্বৰঃ কথাতে কোৱা হয়, ‘প্রেমৰ কোনো বয়স নাই৷’ কিন্তু সেই প্রবাদ বাক্য বাস্তৱত প্রয়োগ কৰিবলৈ গৈ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ল তিনিকুৰি বছৰীয়া ব্যক্তি৷ এজনী তৰুণীক প্রেমৰ প্রস্তাৱ তৰুণীৰ বন্ধুৰ প্রহাৰত গুৰুতৰভাৱে আহত হ’ল ব্যক্তিগৰাকী৷ মুমুর্ষু অৱস্থাত তেওঁক হাস্পতালত ভর্তি কৰা হৈছে৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে বেংগালুৰুৰ ছাদ্দুগুণ্টেপালাত৷ এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰিছে যে আহত এই ব্যক্তিগৰাকীৰ নাম হিতেন্দ্র কুমাৰ৷ পেছাত তেওঁ এজন শাৰী ব্যৱসায়ী৷ শেহতীয়াকৈ এজনী তৰুণীক প্রেমৰ প্রস্তাৱ দিছিল এই ব্যৱসাসীয়ে৷ তৰুণীয়ে হেনো ব্যৱসায়ীজনৰ প্রস্তাৱৰ প্রতি সন্মতিও দিছিল৷ ১৫ ছেপ্টেম্বৰত বেংগালুৰুৰ এখন পার্কলৈ ব্যৱসায়ীজনে তৰুণীগৰাকীক মাতি পঠিয়ায়৷ নিজৰ পুৰুষ বন্ধুক লৈ পার্কত হাজিৰ হয় তৰুণীগৰাকী৷ ইয়াৰ পিছতে পার্কৰ বেঞ্চত বহি থকা অৱস্থাত অপেক্ষাৰত হিতেন্দ্রক পিছফালৰ পৰা আক্রমণ কৰে ছিদ্দু নামৰ তৰুণীৰ বন্ধুজনে৷ নৃশংসভাৱে প্রহাৰ কৰা হয় প্রেমিকৰূপী শাৰী ব্যৱসায়ী৷ আনকি ছুৰীৰে হিতেন্দ্রক আঘাত কৰে ছিদ্দুৱে৷ গুৰুতৰভাৱে আহত অৱস্থাত স্থানীয় লোকসকলে হিতেন্দ্রক হাস্পতালত ভর্তি কৰে৷ বর্তমান ব্যৱসায়ী হিতেন্দ্রৰ শাৰিৰীক অৱস্থা সুস্থিৰ বুলি ঘোষণা কৰিছে আৰক্ষীয়ে৷ তদন্তত নামি আৰক্ষীয়ে জানিব পাৰিছে যে কেইবছৰমান পূর্বে হিতেন্দ্রৰ শাৰীৰ দোকানত কাম কৰিছিল তৰুণীজনীয়ে৷ সেই পৰিচয়ৰ পিছৰে পৰা প্রেমৰ প্রস্তাৱ দি আহিছিল হিতেন্দ্রই৷ কিন্তু ভিতৰি বিৰক্ত হৈ পৰিছিল তৰুণীজনী৷ গতিকে পৰিকল্পিতভাৱে হিতেন্দ্রৰ ওপৰত আক্রমণ চলোৱা হয়৷ হিতেন্দ্রৰ অভিযোগৰ ভিত্তিত তৰুণী আৰু তেওঁৰ প্রেমিক ছিদ্দুক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইয়াৰ লগতে হিতেন্দ্রই তৰুণীজনীক কোনোধৰণৰ যৌন আতিশয্য চলাইছিল নেকি, সেয়াও তদন্ত কৰিছে আৰক্ষীয়ে৷

Featured