আপুনিও চিনি পায় এওঁক… কিন্তু চিনিব নোৱৰাকৈ ডাঙৰ হ’ল মৰমলগা বলীউডৰ শিশুটি

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ বয়স চিনিব নোৱাৰা কৰে একোগৰাকী অভিনেত্ৰীক। বিশেষকৈ শিশু অভিনেতা-অভিনেত্ৰীক আমি ডাউৰ হ’লে চিনিবকে নোৱাৰো। এই শিশু অভিনেত্ৰীগৰাকীৰ ক্ষেত্ৰতো তেনে হ’ল। কিয়নো তেৱোঁ ডাঙৰ হ’ল। এওঁ হ’ল বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান অভিনীত ছবি বজৰংগী ভাইজানত মুন্নিৰ চৰিত্ৰত অভিনয় কৰা মুন্নি।

সকলোৰে পৰিচিত। ছলমানৰ পিঠিত দেখা পোৱা শিশু শিল্পী মুন্নি এতিয়া ডাঙৰ হৈছে, মাত্ৰ ৫ বছৰতে চিনিব নোৱাৰা হৈ গৈছে মুন্নি ওৰফে হৰ্ষালী মালহোত্ৰা।

 

২০১৫ চনৰ ছবি বজৰংগী ভাইজানৰ এইগৰাকী শিশু শিল্পী হৰ্ষালী মালহোত্ৰা সামাজিক মাধ্যমত অতি সক্ৰিয় হৈ থাকে। শেহতীয়াকৈ তেওঁক দীপাৱলী মহোৎসৱত ভাতৃৰ সৈতে দেখিবলৈ পোৱা গৈছিল। দীপাৱলীত উঠা তেওঁৰ ছবি চাই সকলোৰে মুখত এটাই প্ৰশ্ন মুন্নি ডাঙৰ হৈ গ’ল, চিনিব পৰাই টান বজৰংগী ভাইজানৰ মুন্নিক। উল্লেখ্য, বজৰংগী ভাইজানৰ বাবে বহুকেইটা সন্মান লাভ কৰা হৰ্ষালীয়ে টিভি অনুষ্ঠানৰেও জড়িত।