বিৰিয়ানী, জাপানী ছুচি… কি খাই ভাল পায় সুষ্মিতাই

সুষ্মিতা সেন এনেকুৱা এগৰাকী অভিনেত্রী যিয়ে সকলো মহিলাকে অনুপ্রাণিত কৰিব পাৰে। বাহিৰে ভিতৰে সৌন্দৰ্যৰ গৰাকী তেওঁ। ১৯৯৪ চনত মিছ ইউনিভাৰ্ছ মুকুট পিন্ধা সুষ্মিতা সেনে ২৭ বছৰ ধৰি বলীউডৰ অংশ হৈ আছে। অলপতে, সুষ্মিতাই ইনষ্টাগ্রাম লাইভ আহি অনুগামীৰ সৈতে আলাপ কৰে।


প্রিয় খাদ্য সম্পর্কে কথা কৈ সুস্মিতাই কয়, যে তেওঁ জাপানী ছুচি খাই খুব ভাল পায়। লাইভৰ সময়ত তেওঁৰ দুই কন্যা আলিছা আৰু ৰেনিও উপস্থিত থাকে আৰু তিনিওজনে এই খাদ্যৰ লোভ সামৰিব নোৱাৰাৰ কথা অনুৰাগীৰ আগত প্ৰকাশ কৰে।


অভিনেত্ৰীগৰাকীয়ে বিৰিয়ানীৰ প্রতি থকা দুৰ্বলতাৰ কথা প্ৰকাশ কৰি বিৰিয়ানী তেওঁৰ পৰম তৃপ্তিৰ খাদ্য বুলি অভিহিত কৰে। সৌন্দৰ্যৰ ৰাণী সুষ্মিতাও বিৰিয়ানীপ্রেমী, বিশেষকৈ হায়দৰাবাদী বিৰিয়ানীৰ সৈতে থকা বিশেষ সংযোগৰ কথা শ্বেয়াৰ কৰে। হায়দৰাবাদত জন্মগ্রহণ কৰা হিচাবে ইয়াৰ সৈতে আৱেগ জৰিত হৈ আছে সুষ্মিতাৰ।


আন এটি খাদ্যৰ প্ৰতি থকা দূৰ্বাৰ আকৰ্ষণৰ কথা কলে সুষ্মিতাই। সেয়া হ’ল মাকে বনোৱা চিলি চিকেন। সুস্মিতাই প্রথম যি খাদ্য ৰন্ধাৰ চেষ্টা কৰিছিল সেয়াও আছিল চিলি চিকেন।