তেজপুৰত নতুন অসমীয়া ছবি স্বৰ্গৰথলৈ দৰ্শকৰ সঁহাৰি

বাৰ্তা ব্যুৰ, ,তেজপুৰ ৭ জুন : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ এক আশাৰ বতৰা কঢ়িয়াই এ এম প্ৰডাকচনৰ জৰিয়তে ড০ সঞ্জীৱ নাৰায়ণ আৰু ড০ অক্ষতা নাৰায়ণ প্ৰযোজিত দৰ্শকৰ বহুল সমাদৃত” ডক্তৰ বেজবৰুৱা”ৰ পিছত আজিৰে পৰা অসমৰ বিভিন্ন চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰিছে পুনৰ একে প্ৰডাকচনৰে চলচ্চিত্ৰ “স্বৰ্গৰথ” শীৰ্ষক নতুন অসমীয়া চিনেমা। উল্লেখ্য যে মুক্তিৰ পূৰ্বেই “স্বৰ্গৰথ”ৰ “মনবন্ধু “শীৰ্ষক মূল গীতটোৰ জৰিয়তে শ্ৰোতা -দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা “স্বৰ্গৰথ”ক লৈ আজি তেজপুৰতো চলচ্চিত্ৰ প্ৰেমীৰ যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় ।তেজপুৰৰ চাৰিটা চলচ্চিত্ৰ গৃহ ক্ৰমে আনোৱাৰ, আই এম পি, এছ ভি এফ ৰ লগতে গল্ড চলচ্চিত্ৰ গৃহৰ পাঁচখনকৈ পৰ্দাত আজি “স্বৰ্গৰথ” উপভোগ কৰি সন্তষ্টি লাভ কৰা গৰিষ্ঠসংখ্যক দৰ্শকে দীৰ্ঘদিনৰ পিছত বিশেষকৈ “ডক্তৰ বেজবৰুৱা”ৰ পিছত সকলো কাৰিকৰী দিশৰে অতি উন্নতমানৰ এখন মনোৰঞ্জনধৰ্মী চিনেমা উপভোগ কৰিলোঁ বুলি মন্তব্য কৰে। কাহিনীৰ পৰা দৃশ্য গ্ৰহণ, গীত, অভিনয় সকলো ক্ষেত্ৰতে পৰিয়ালৰ সকলোৰে বাবে এখন উপভোগ্য চিনেমা হৈছে বুলি মন্তব্য কৰি চিনেমাখন চাবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে সততে হিন্দী চিনেমাৰ প্ৰতি অধিক আগ্ৰহী নৱপ্ৰজন্মৰ বহুকেইগৰাকী দৰ্শকে চিনেমাখন চাই আপ্লুত হোৱা বুলি মন্তব্য কৰাৰ লগতে আজি প্ৰথম দিনটোতে নৱপ্ৰজন্মৰ যথেষ্টসংখ্যক দৰ্শকে চিনেমাখন উপভোগ কৰাটো অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হৈছে। পৰিচালক ৰাজেশ ভূঞাৰ দক্ষ পৰিচালনাত ছবিখনৰ এক বিশেষ চৰিত্ৰত বেহাৰবাৰী আউট পোষ্টৰ অভিনেতা কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাই অতি প্ৰাণস্পৰ্শী অভিনয় কৰাৰ লগতে অভিনেত্ৰী ইনু বৰুৱাৰ উপৰি আন আন অভিনেতা অভিনেত্ৰীয়েও অতি সাৱলীল অভিনয় কৰা বুলি দৰ্শক সকলে জানিবলৈ দিয়ে ।
প্ৰেৰক পুলক কুমাৰ ডেকা
Featured