প্রবীণ চিত্রগ্রহণকাৰী জনী লালৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ক’ভিড–১৯ মহামাৰীত বলীউড ছবি জগতৰ আন এগৰাকী প্রবীণ শিল্পীয়ে প্রাণ হেৰুৱালে৷ প্রবীণ চিত্রগ্রহণকাৰী জনী লালৰ মুম্বাইৰ নিজ বাসগৃহত যোৱা ২১ এপ্ৰিত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷

জনপ্রিয় ছবি ‘ৰহনা হেই তেৰে দিল মে, পার্টনাৰ, ঔম জয় জগদীশ, মুঝে কুছ কহনা হেয়, লকীৰ, য়াদেঁ, মেই জৰুৰ আউংগা আদিকে ধৰি কেইবাখনো ছবিৰ চিত্রগ্রহণ কাৰী জনী লালৰ ক’ভিড–১৯ত বিয়োগ ঘটাত শোকত ম্রিয়মাণ হৈছে বলীউড৷