১৪ জুলাইৰ পৰা ৰীলড্ৰামাত ৰঞ্জু হাজৰিকাৰ কাহিনীৰে ৱেবচিৰিজ ক্ষুধা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুলাই : আজি দিনৰ ১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত ৰীলড্ৰামা এপৰ নতুন ৱেবছিৰিজ ক্ষুধাৰ প্ৰযোজনা সংস্থাৰ উদ্যোগত এখনি সংবাদমেলৰ আয়োজন কৰা হয়৷ বিশিষ্ট উপন্যাসিক ৰঞ্জু হাজৰিকাৰ মূল উপন্যাস “ক্ষুধাতুৰ শগুন”ৰ আধাৰত নিৰ্মিত ক্ষুধা নামৰ ৮টা খণ্ডৰ ৱেবছিৰিজখনে ১৪ জুলাইত মুক্তিলাভ কৰিব৷ মুক্তিৰ পাছতেই দৰ্শক ৰাইজৰ বাবে ৰীল ড্ৰামা এপত ৱেবছিৰিজখন উপলব্ধ হ’ব৷ অটিটি প্লেটফৰ্মৰ ৰীলড্ৰামাৰ (ReelDrama) ৱেবছিৰিজ “ক্ষুধা”ৰ স্ত্ৰীমিংৰ প্ৰাক্‌ক্ষণত ৱেবছিৰিজখনৰ ট্ৰেইলৰটি আজি মুকলি কৰা হয়৷ সেই উপলক্ষে আজি দিনৰ ১বজাত গুৱাহাটী প্ৰেছ ক্লাবত ৱেবছিৰিজখনৰ প্ৰযোজনা সংস্থাই এখন সংবাদ মেলৰ আয়োজন কৰে৷ এই সংবাদমেলত ৱেবছিৰিজখনৰ পৰিচালক দীপক কুমাৰ ৰয়ৰ লগতে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ,প্ৰদীপ নিষিথ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৱেবচিৰিজখনৰ কলাকুশলী৷ ৱেবচিৰিজখনৰ চিত্ৰনাট্যকাৰ তপজিত দত্ত বৰা সংগীত আৰু চাউণ্ড ডিজাইন নবাৰুণ বৰাৰ৷ কেমেৰাৰ (DOP)কাম কৰিছে প্ৰদীপ দৈমাৰীয়৷ ৱেবচিৰিজৰ সম্পাদনা আৰু কালাৰৰ কাম কৰিছে গৌতম মজুমদাৰে৷ ৰূপসজ্জা বিশ্বজিত কলিতাৰ, কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ৷ ‘ক্ষুধা’ৰ মুখ্য সহকাৰী পৰিচালক বিতোপন মহন্ত, সহকাৰী পৰিচালনা দিব্যহাশ শৰ্মা, তপন বৰা, চিমিস্মিতা তালুকদাৰৰ৷ প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে কাম কৰিছে কৌস্তভ জ্যোতি দাসে৷ পোষ্টাৰ ডিজাইন ঈশান হাজৰিকাৰ৷ ৱেবচিৰিজখনত ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী,ভগৱত প্ৰীতম দত্ত,পদ্মৰাগ গোস্বামী,প্ৰদীপ নিষিথ,ৰঞ্জীৱলাল বৰুৱা, গৌৰৱ বৰা, ধ্ৰুৱ দাস, দেৱজিত হাজৰিকা, ঈশান হাজৰিকা, ৰাজীৱ ক্র, অশ্রুমণি বৰা, প্ৰণামী বৰা, গীতাৰ্থ শৰ্মা, মিনাক্ষী বৰা,মনোজ গগৈ, প্ৰশান্ত গোস্বামী,বিশাল গগৈ, ৰাজীৱ কুমাৰ হৰ্ছ, ৰানা ধন দাস,চিন্ময় বুঢ়াগোহাঁই, অনামিকা স্বৰ্গীয়াৰী, সমৰজ্যোতি ভৰালী, কুন্তল কুমাৰ কৌশিক আদিকে ধৰি বহুতো অভিনয়শিল্পীয়ে অভিনয় কৰিছে৷উল্লেখ্য যে ”ক্ষুধা” ৰ দ্বিতীয় সংস্কৰণো (চিজন ২)শীঘ্ৰেই আহিব দৰ্শকৰ মাজলৈ৷ আজিৰ সংবাদমেল সম্বোধন কৰি ৱেবচিৰিজখনৰ পৰিচালক দীপক কুমাৰ ৰয়ে ৱেবচিৰিজখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায় -সহযোগিতা কামনা কৰাৰ লগতে দৰ্শক-ৰাইজক ৱেবচিৰিজখন উপভোগ কৰাৰ বাবে অনুৰোধ জনায়৷