আছিফ বশ্ৰা কোন? নাছিল অভিনয়ৰ আনুষ্ঠানিক শিক্ষা, তথাপি আছিল দুৰ্দান্ত অভিনেতা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিছত আন এগৰাকী জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাৰ আত্মহত্যাৰ খবৰে সকলোকে জোকাৰি গৈছে। এগৰাকী সহ অভিনেতাৰ ৰূপত দেখিবলৈ পোৱা বশ্ৰা প্ৰায়ভাগ লোকৰে চিনাকি অভিনেতা আছিল। আছিফ বশ্ৰা এজন জনপ্ৰিয় বলীউড আৰু টিভি অভিনেতা আছিল। এগৰাকী থিয়েটাৰ শিল্পী ৰূপে বহুতো নাটকতো কাম কৰিছিল।

১৯৬৭ চনৰ ২৭ জুলাইত মহাৰাষ্ট্ৰৰ অমৰাৱতীত আছিফৰ জন্ম হৈছিল। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। আছিফ বশ্ৰাই টিভি ছিৰিয়েল ‘ৱো’ৰ জৰিয়তে ১৯৯৮ চনত কেৰিয়াৰ আৰম্ভ কৰিছিল। শেহতীয়াকৈ তেওঁক ‘হোষ্টেজেছ’ ৱেবছিৰিজতো দেখা গৈছিল। ইয়াৰ উপৰি ১৯৯৮ চনত আছিফ বশ্ৰাই হৰৰ ছিৰিজ ‘X Zone’ত অভিনয় কৰে।

চিনেমা জগতত ‘ব্লেক ফ্ৰাইডে’, ‘পাৰজানিয়া’, ‘কাই পো ছে’, ‘জব উই মেট’, ‘ৱান্স আপন এ টাইম ইন মুম্বাই’, ‘কৃছ’, ‘এক ভিলেইন’, ‘মঞ্জুনাথ’, ‘কালাকান্দি’, ‘ ফ্ৰিকি আলী’ আৰু ‘দো টাছকেণ্ট ফাইল’ৰ দৰে ছবিত অনবদ্য অভিনয় কৰিছিল তেওঁ। আমেৰিকান কমেডী ছবি ‘আউটছোৰ্ছ’তো অভিনয় কৰিছিল তেওঁ। শিক্ষাগত অৰ্হতাৰ দিশত আছিফ বশ্ৰা পদাৰ্থ বিজ্ঞানত বিএছচি কৰাৰ লগতে কম্পিউটাৰ পাঠ্যক্ৰম এটাও কৰিছিল। কিন্তু আছিফ বশ্ৰাই অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল।

অৱশ্যে সৰুৰে পৰা অভিনয় জগতৰে তেওঁৰ চিনাকি আছিল। স্নাতক আৰু তাৰ পিছত কম্পিউটাৰ পাঠ্যক্ৰম কৰাৰ পিছত আছিফ বশ্ৰাই মুম্বাইত কাম কৰিবলৈ আৰম্ভ কৰে আৰু সকলো আয় নাটক চোৱাত খৰচ কৰে। অভিনয় তেওঁ চায়ে শিকিছিল বুলিব পাৰি। অভিনয়ৰ বাহিৰে আছিফ বশ্ৰাই অভিনয়ৰ প্ৰশিক্ষণো দিছিল। শেহতীয়াকৈ এগৰাকী বিদেশী বান্ধৱীৰ সৈতে হিমাচল প্ৰদেশত বাস কৰা অভিনেতাগৰাকী হতাশাত ভুগি থকা বুলি জানিব পৰা গৈছে।