গুৱাহাটী ষ্টেচন-বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ বিলৈ

ক'লা ধোঁৱাই ছানি ধৰিলে গুৱাহাটীৰ আকাশঃ এম্বুলেঞ্চ-এএছটিচিৰ বাছেৰে নিৰাপত্তাৰক্ষীয়ে অনা-নিয়া কৰিলে আবদ্ধ যাত্ৰী

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জুয়ে সমগ্র ৰাজ্য দগ্ধ কৰাৰ সময়তে মঙলবাৰে উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)এ আহ্বান জনোৱা বন্ধত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি পৰিলক্ষিত হয়৷ গুৱাহাটী মহানগৰীত মঙলবাৰে সর্বাত্মক বন্ধৰ প্রভাৱ পৰাৰ বাবেই জনজীৱন ব্যাহত হৈ পৰাৰ লগতে প্রতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰাত ক’লা ধোঁৱাই ছানি ধৰে গুৱাহাটীৰ আকাশ৷ গুৱাহাটী মহানগৰীৰ প্রান্তে প্রান্তে বন্ধৰ সমর্থকে টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ শ শ লোক ৰাজপথলৈ ওলাই আহি চৰকাৰবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে৷ আৰক্ষী প্রশাসনৰ বাধা নেওচি প্রতিবাদকাৰীসকল ৰাজপথলৈ ওলাই অহাত গুৱাহাটী মহানগৰীৰ জনজীৱন ব্যাহত হোৱাৰ লগতে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিবলগীয়া হয়৷ পুৱাৰে পৰা সন্ধিয়া ৫ বজালৈ নেছ’ৱে আহ্বান জনোৱা এই বন্ধত ৰাজপথত যান–বাহনৰ চলাচল বন্ধ হোৱাৰ বাবেই ঠায়ে ঠায়ে যাত্রীসকল আবদ্ধ হোৱা পৰিলক্ষিত হয়৷ বিশেষকৈ গুৱাহাটী ৰে’ল ষ্টেচন, মালিগাঁও ৰে’ল ষ্টেচন আৰু বৰঝাৰ বিমানবন্দৰত শ শ যাত্রী আবদ্ধ হৈ পৰে৷ পশ্চিম গুৱাহাটীবাসী ৰাইজৰ সহযোগত ছাত্র সন্থাই ধাৰাপুৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰাৰ বাবেই যান–বাহনৰ চলাচল সম্পূর্ণ বন্ধ হৈ পৰে৷ তদুপৰি প্রতিবাদকাৰীসকলে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰলৈ যোৱা পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰাৰ ফলত বিমানবন্দৰত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ যান–বাহনৰ অভাৱত বিমানবন্দৰতে আবদ্ধ হৈ পৰে শ শ যাত্রী৷ তদুপৰি দোকান–পোহাৰ সকলো বন্ধ হৈ থকাত ভোকে–পিয়াহে জর্জৰিত হৈ পৰে যাত্রীসকল৷ বহু যাত্রী ভোকে–পিয়াহে বিমানবন্দৰৰ বাহিৰতে শুই পৰা পৰিলক্ষিত হয়৷ যান–বাহনৰ চলাচল বন্ধ হৈ পৰাৰ সুযোগ লৈ একাংশ এম্বুলেঞ্চচালকে ৰোগী বুলি কৈ বিমানবন্দৰৰ পৰা যাত্রীক অনা–নিয়া কৰে৷ তদুপৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ যাত্রীবাহী বাছকে ধৰি কিছুসংখ্যক ব্যক্তিগত বাহন আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰে এছক’ট দি অনা–নিয়া কৰা পৰিলক্ষিত হয়৷ মঙলবাৰে বিমানেৰে ৰাজ্যৰ বাহিৰলৈ যাব লগা যাত্রীসকল বন্ধৰ বাবে যোৱানিশাই আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাত বিমানবন্দৰ চৌহদত অত্যধিক ভিৰ হয়৷

Comments (0)
Add Comment