কটনৰ সন্মুখত এবিভিপি নেতাক আক্রমণ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বহু চর্চিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক (কেব)ৰ সমর্থনত ফেচবুকত এটা পোষ্ট দি একাংশ কটনিয়ানৰ আক্রমণৰ বলি হ’ব লগা হয় এজন পৰীক্ষা নিৰীক্ষক৷ ভুক্তভোগী পৰীক্ষা নিয়ন্ত্রকজন হ’ল ত্রিনয়ন কোচ৷ পৰৱর্তী সময়ত এই ঘটনাৰ ন্যায় বিচাৰি তেওঁ মহানগৰীৰ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰখনত ত্রিনয়ন কোচে অভিযোগ কৰা মতে, সোমবাৰে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব পালন কৰি ১.২০ মান বজাত ওলাই আহে৷ ইয়াৰ পিছতে কালি কথা দিয়া মতে তেওঁ কটনৰ ৰুবু বৰা আৰু জীৱন নাথক লগ কৰিবলৈ ম’বাইল ফোনেৰে যোগাযোগ কৰে৷ সেইমতে ছাত্র দুজনে আহি থকা বুলি কয়৷ লগতে কটনৰ সন্মুখত থকা নামনি অসমৰ আয়ুক্তৰ কার্যালয়ৰ ওচৰত ৰৈ থকা কেইজনমান ছাত্রৰ লগত কথা পাতিবলৈ দিয়ে৷ ছাত্রকেইজনক লগ কৰাত ফেচবুকত এইবোৰ পোষ্ট কিয় দিয়? তই কোন হয়? তোক মাৰি পেলাম৷ কাইলৈৰ পৰা তই কটনত ভৰি নিদিবি৷ এ বি ভি পি, আৰ এছ এছ কটনত কৰিব নোৱাৰ, যিয়েই কৰে তাকেই মাৰিম বুলি ভাবুকি দিয়ে৷ ইয়াৰ পিছতে প্রথমে ৰিতুৰাজ শইকীয়া, শ্বাহিদুল হালদাৰ নামৰ ছাত্র দুজনে গঁতা মাৰি পেলাই দিয়ে আৰু গুৰিয়ায়৷ তাৰ পিছত ৰিতুৰাজ শইকীয়াই চেপা মাৰি ধৰি মাৰি পেলাবলৈ লয় বুলি ত্রিনয়ন কোচে অভিযোগ কৰে৷ সেইদৰে শ্বাহিদুল হালদাৰে মূৰত ঘোঁচা মাৰি ‘তই ফেচবুকত বৰ লেবেল দিয় কিয়’ বুলি প্রশ্ণ কৰা বুলিও নিৰীক্ষক কোচে অভিযোগ কৰে৷ তদুপৰি ৰিতুৰাজ শইকীয়াই এখন ছুৰী ডিঙিত থৈ ভৱিষ্যতে কটনত ভৰি নথ’বি বুলি কৈ মৃত্যুৰ ভাবুকি দিয়ে আৰু সেই সময়তে ৰুবু বৰা আৰু জীৱন নাথে উপস্থিত হৈ ছাত্রকেইজনক উচটনি দিয়াত বেয়াকৈ মাৰধৰ কৰা বুলিও ত্রিনয়ন কোচে অভিযোগ কৰে৷

আনহাতে, মাৰপিট কৰাসকলৰ ভিতৰত ত্রিদিপ ভাগৱতী নামৰ ছাত্রজনো আছিল আৰু তাৰে এজনে তেওঁৰ লগত থকা ৭,৩০০ টকা কাঢ়ি নিয়া বুলিও ত্রিনয়ন কোচে এজাহাৰখনত অভিযোগ কৰে৷ উল্লেখ্য যে ‘আন্দোলনকাৰীয়ে আৱেগতকৈ বিবেকৰ ওপৰত গুৰুত্ব দিয়াটো সময়ৰ আহ্বান… আৱেগৰ আন্দোলনে কাক কি দিলে সকলোৱে দেখা পাইছে’ বুলি ত্রিনয়ন কোচে ফেচবুকত কালি এটা পোষ্ট দিছিল৷ উল্লেখ্য যে আজিৰ ঘটনাটোৰ পিছতে ত্রিনয়ন কোচে ভয় খোৱাৰ লগতে নিৰাপত্তাহীনতাত ভোগা বুলিও এজাহাৰত উল্লেখ কৰিছে৷ উল্লেখ্য যে ত্রিনয়ন কোচ এ বি ভি পিৰ কটন বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধায়ক৷