গুৱাহাটীত ৪৬ গ্ৰাহকৰ আমানত ধন লুট

গুৱাহাটী ২০ নৱেম্বৰঃ বহিঃৰাষ্ট্ৰৰ পৰা চাইবাৰ অপৰাধীয়ে নিয়ন্ত্ৰণ কৰিছে এ টি এম হেকিং চক্ৰ। মঙলবাৰে কলকাতা আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰ ৪জনকৈ হেকাৰক গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য। গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু ত্ৰিপুৰা আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কলকাতা আৰক্ষীয়ে মঙলবাৰে দুই তুৰ্কী নাগৰিক হাকান জানবুৰকান, ফেটাই এলডিমিৰ আৰু দুই বাংলাদেশী নাগৰিক মহম্মদ হনন আৰু মহম্মদ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। ধৃত চাৰি হেকাৰে বিভিন্ন ৰাজ্যৰ পৰা কৌশলেৰে বেংকৰ গ্ৰাহকৰ ধন লুট কৰি আহিছিল। এই চক্ৰটোৱে দেশৰ বিভিন্ন গ্ৰাহকৰ পৰা ৮ লাখৰো অধিক টকা লুট কৰিছিল। এই চক্ৰটোৱে গুৱাহাটীৰ ৪৬জন গ্ৰাহকৰ পৰা কৌশলেৰে বেংকৰ জমা ধন লুট কৰিছিল বুলি মহানগৰ আৰক্ষীৰ এক সূত্ৰই সদৰী কৰিছে। উল্লেখ্য যে ধৃত দুৰই তুৰ্কী নাগৰিকক মুম্বাইৰ পৰা আৰক্ষীয়ে এ টি এম হেকিং কৰা গোচৰ সন্দৰ্ভত পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল। ধৃত চক্ৰটোৱে ত্ৰিপুৰাৰ বহু বেংকৰ গ্ৰাহকৰ পৰা কৌশলেৰে ধন হৰলুকী কৰাৰ অভিযোগ আছে। ধৃত চাইবাৰ অপৰাধীকেইটাক ত্ৰিপুৰা আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত মহানগৰীত ৰুজু হোৱা ৪৬ টা এ টি এম হেকিঙৰ গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে জিন্মাত লব বুলি জানিব পৰা গৈছে।

atmGUWAHATIhack