সংবাদ মেলত উত্তৰ-পূব মণ্ডল ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জিন্দাল

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত সদ্যসমাপ্ত ২০১৯ বর্ষত অভিলেখ পৰিমাণৰ ২৪.৭ শতাংশ যাত্রী বৃদ্ধি পাইছে৷ এই বৃদ্ধিৰ পৰিমাণ সমগ্র ভাৰতবর্ষৰ ভিতৰতে সর্বাধিক৷ সোমবাৰে বিয়লি ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ কেন্দ্রীয় কার্যবাহী সঞ্চালক কার্যালয়ৰ ড০ ভূপেন হাজৰিকা সভাগৃহত আয়োজিত এক সংবাদ মেলত এই বিষয়ে জানিবলৈ দিয়ে উত্তৰ–পূব মণ্ডল ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে৷ কার্যবাহী সঞ্চালক জিন্দালে আৰু কয় যে গুৱাহাটীকে ধৰি উত্তৰ–পূবত মুঠ ১৬টা বিমানবন্দৰ আছে আৰু ইয়াৰে ১২টা বিমানবন্দৰ কার্যক্ষম হৈছে৷ কার্যক্ষম হৈ থকা বিমানবন্দৰসমূহৰ্ আন্তঃগাঁথনি উন্নত, যাত্রীক অধিক সা–সুবিধা দিয়াৰ বাবে ৪৩৭ কোটি টকা ব্যয়েৰে উন্নীতকৰণৰে কাম চলি আছে৷ অসমকে ধৰি উত্তৰ–পূবৰ কৃষকসকলৰ উৎপাদিত সামগ্রী দেশ–বিদেশলৈ ৰপ্তানি কৰাৰ লগতে গুৱাহাটীকে ধৰি কেইবাটাও বিমানবন্দৰত কার্গো বিমানৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ একেদৰে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিবনুৱা যুৱক–যুৱতীৰ দক্ষতা বৃদ্ধিৰ লগতে স্বাৱলম্বিতাৰ বাবে বিভিন্ন প্রশিক্ষণ কার্যসূচী হাতত লোৱা হৈছে৷ বিমানবন্দৰ প্রাধিকৰণৰ সমগ্র কাম–কাজ কম্পিউটাৰৰ সহায়ত কৰাৰ বাবে কামৰ স্বচ্ছতা আৰু গতি বৃদ্ধি পোৱা বুলি কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে উল্লেখ কৰে৷ দেশৰ ভিতৰত প্রথমবাৰৰ বাবে উত্তৰ–পূব বিমানবন্দৰ সুৰক্ষা প্রতিষ্ঠান (এএছটিআই), এ এন এছ প্রশিক্ষণ কেন্দ্র স্থাপন কৰা হৈছে৷ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলে চৰকাৰী ভাষা ব্যৱহাৰ আৰু ৰূপায়ণত প্রথম পুৰস্কাৰ লাভ কৰাৰ লগতে আন্তঃমণ্ডল ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ খিতাপ অর্জন কৰিছে৷ সংবাদ মেলত প্রাধিকৰণৰ প্রবন্ধক তথা জনসম্পর্কৰক্ষী বিষয়া ইন্দ্রমোহন কুমাৰো উপস্থিত থাকে৷ আনহাতে সংবাদ মেলৰ পূর্বে বিমানবন্দৰ চৌহদত গছপুলি ৰোপণ কার্যসূচীৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক তথা নর্থ–ইষ্ট লাইভৰ মুখ্য পৰিচালন সম্পাদক ৱাছবিৰ হুছেইনে৷ ইয়াৰ পিছত কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল আৰু স্থানীয় সাংবাদিকসকলে কেইবাটাও গছপুলি ৰোপণ কৰে৷

Comments (0)
Add Comment