নিশা কটনৰ সুৰাসক্ত ছাত্ৰৰ উদ্ভণ্ডালি, মহিলাক প্ৰহাৰ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : কটনৰ ঐতিহ্যত পুনৰ কালিমা সানিলে সুৰাসক্ত ছাত্ৰই। MNDP হোষ্টেলৰ ছাত্ৰই নিশা উদ্ভণ্ডালি চলালে ৰাজপথত। সুৰাসক্ত কটনিয়ানে মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সুৰাপান কৰি পদপথৰ লোকক কটনৰ ছাত্ৰই প্ৰহাৰ কৰি থকা কাৰ্যত বাধা দিয়াৰ বাবেই এগৰাকী মহিলাৰ লগতে তেওঁৰ স্বামীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ মতে, মহিলাগৰাকীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্বামীৰ সৈতে ৰাজপথেৰে আহি আছিল। সেই সময়তে পদপথত শুই থকা দুজন লোকক উদণ্ড ছাত্ৰই প্ৰহাৰ কৰি থকা দেখা পাই মহিলাগৰাকীৰ স্বামীয়ে বাধা দিয়াত তেওঁকো প্ৰহাৰ কৰিবলৈ লয় সুৰাসক্ত ছাত্ৰই। সেই সময়তে মহিলাগৰাকীয়ে স্বামীক বচাবলৈ যাওঁতে মহিলাগৰাকীকো প্ৰহাৰ কৰে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে কটনৰ MNDP হোষ্টেলৰ ছাত্ৰই।

Featured