একবিংশ শতিকাৰ চিকিৎসা বিজ্ঞানলৈ চৰম প্ৰত্যাহ্বানঃ বিশ্বজুৰি ক’ৰোনাৰ ত্ৰাস

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ একবিংশ শতিকাৰ চিকিৎসা বিজ্ঞানলৈ ভয়ংকৰ প্ৰত্যাহ্বান কঢ়িয়াই আনি মহামাৰী ক’ভিড-১৯ এ সমগ্ৰ বিশ্বতে এতিয়া বিভীষিকা সৃষ্টি কৰিছে । মানৱ সভ্যতাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনা এই মহামাৰীয়ে ২০৪ খন দেশত ১০,৬৭,৩২৪ জন লোকক সংক্ৰমিত কৰিছে । ন’ভেল ক’ৰোনা ভাইৰাছে এতিয়ালৈকে প্ৰাণ কাঢ়ি নিলে ৫৬,৭৩০ গৰাকী লোকৰ । ক’ভিড-১৯ ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ আজিৰ তাৰিখলৈকে চিকিৎসা বিজ্ঞানীসকলে কোনোধৰণৰ প্ৰতিষেধক উদ্ভাৱন কৰিব নোৱাৰা দিশটোৱে প্ৰকৃতিৰ ওচৰত মানৱ জাতি যে কিমান অসহায়, সেই বাস্তৱক উপলব্ধি কৰিবলৈ বাধ্য কৰিলে । চীনৰ য়ুহান প্ৰদেশত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতে চিনাক্ত হোৱা এই মহামাৰী এতিয়া পৃথিৱীৰ প্ৰতিখন দেশৰ বাবেই আতংকৰ কাৰণ হৈ উঠিছে । চীনত বৰ্তমান ৮১,৬২০ জন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩,৩২২ জনে প্ৰাণ হেৰুৱালেও দেশখনত এই মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় সক্ষম হৈছে । কিন্তু ক্ৰমাত ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা লগতে আফ্ৰিকা-অষ্ট্ৰেলিয়াতো ক’ভিড-১৯ এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

ক’ৰোনা ভাইৰাছৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হোৱা ইউৰোপ মহাদেশৰ সকলো দেশতেই এতিয়া মৃত্যুদূতৰূপী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । সৰ্বাধিক ক্ষতিগ্ৰস্ত আৰু আক্ৰান্ত হৈছে স্পেইন আৰু ইটালী । স্পেইনত শেহতীয়া তথ্য অনুসৰি ১,১৭,৭১০ জন লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১০,৯৩৫ জনৰ । যোৱা ২৪ ঘণ্টাত দেশখনত ৯০০ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে ইটালীত ১,১৯,৮২৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক ১৪,৬৮১ জন লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে । যোৱা ২৪ ঘণ্টাত দেশখনত প্ৰাণ হেৰুৱাইছে ৭৬৬ জন লোকে ।

Comments (0)
Add Comment