ছিৰিয়াৰ শিশু নহয় তেলৰ ওপৰত নজৰ বিশ্বৰ

জেনেভাত সৰৱ তুৰস্কৰ ৰাষ্ট্রপতি এর্ডোগান

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গৃহযুদ্ধবিধ্বস্ত ছিৰিয়াৰ দুর্দশাগ্রস্ত শিশুসকল নহয়, বিশ্বৰ বিভিন্ন দেশৰ নজৰ হৈছে দেশখনৰ তেলৰ ওপৰত ৷ শেহতীয়াকৈ জেনেভাত এই অভিযোগ কৰিছে তুৰস্কৰ ৰাষ্ট্রপতি ৰিচেপ টায়ীপ এর্ডোগানে ৷ ৰাষ্ট্রপতি এর্ডোগানে উল্লেখ কৰিছে যে এক নিযুত ছিৰিয়ান শৰণার্থীক শীঘ্রে সংস্থাপিত কৰাৰ দায়িত্ব গ্রহণ কৰিব লাগে বিশ্ববাসীয়ে ৷ কিন্তু এইক্ষেত্রত কোনো দেশেই গুৰুত্ব প্রদান কৰা নাই ৷

লক্ষণীয়ভাৱে তুৰস্কই যুদ্ধবিধ্বস্ত ছিৰিয়াৰ ৩৭ লাখ লোকক দেশখনত আশ্রয় দিছে ৷ ইয়াৰে ৩ লাখ ৭১ হাজাৰ লোক শান্তিপূর্ণ অঞ্চলত আছে যদিও গৰিষ্ঠসংখ্যকেই অস্থায়ী শিবিৰত দুর্দশাগ্রস্ত জীৱন কটাবলগীয়া হৈছে ৷ জেনেভাত শৰণার্থীৰ বাবে থকা গোলকীয় মঞ্চত এর্ডোগানে কালি ক্ষোভ উজাৰি কয় যে কেৱল ছিৰিয়াৰ তেলৰ প্রতি গুৰুত্ব দিছে বিভিন্ন দেশে ৷ কিন্তু এই দেশখনৰ গৃহহাৰা ভগনীয়া শিশুসকলৰ প্রতি কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই দেশবোৰে ৷ গতিকে ছিৰিয়াৰ শৰণার্থীসকলৰ সংকট বৃদ্ধি পাইছে ৷ লক্ষণীয়ভাৱে ইউৰোপৰ বিভিন্ন দেশে ছিৰিয়া তথা মধ্যপ্রাচ্যৰ শৰণার্থীক আশ্রয় দিবলৈ অস্বীকাৰ কৰি আহিছে ৷

Comments (0)
Add Comment