বাংলাদেশলৈ ২০ লাখ ড’জ ক’ভিশ্বিল্ড উপহাৰ মোদীৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ  ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধৰ বাবে ভাৰতে বাংলাদেশক উপহাৰ স্বৰূপে ২০ লাখ ড’জ ক’ভিশ্বিল্ড ভেকচিন দিয়া বিষয়টোক লৈ সন্তুষ্টি প্রকাশ কৰিছে দেশখনৰ জনসাধাৰণ তথা বিভিন্ন সংগঠনে৷ ১৯৭১ৰ মুক্তিযুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সহায়ৰ জৰিয়তেই জন্ম হৈছিল বাংলাদেশৰ৷ তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত আছে বন্ধুত্ব৷ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাক বন্ধুত্বৰ উপহাৰ হিচাপে ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে ২০ লাখ ড’জ ক’ভিড ভেকচিন যোগান ধৰা বিষয়টোক লৈ ঢ়াকা প্রশাসনে ভাৰতক প্রশংসা কৰিছে৷

স্মর্তব্য যে ইতিমধ্যে ভাৰতে বাংলাদেশক তিনি কোটি ড’জ ক’ভিশ্বিল্ড ভেকচিন যোগান ধৰিব বুলি প্রতিশ্রুতি দিছে৷ কালি দিনৰ ১১ বজাত বাংলাদেশৰ ৰাজধানী ঢ়াকাৰ হজৰত শ্বাহ জালাল আন্তর্জাতিক বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানে ক’ভিশ্বিল্ড ভেকচিন লৈ অৱতৰণ কৰে৷ ইয়াৰ পিছতে দুপৰীয়া ঢ়াকাৰ ৰাষ্ট্রীয় অতিথি ভৱনত আনুষ্ঠানিকভাৱে বাংলাদেশৰ বিদেশমন্ত্রী এ কে আব্দুল মোমেন আৰু স্বাস্থ্যমন্ত্রী জাহিদ মালেকৰ হাতত পৃথকভাৱে ক’ৰোনা ভেকচিনৰ দুটা বাকচ অর্পণ কৰে ঢ়াকাত থকা ভাৰতৰ উচ্চায়ুক্ত বিক্রম ডোৰাইস্বামীয়ে৷