১৫০ মিটাৰ তলৰ নদীত পৰিল বাছঃ নিহত ২৫ যাত্রী

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ইণ্ডোনেছিয়াত সোমবাৰে নিশা সংঘটিত এক পথ দুর্ঘটনাত কমপক্ষেও ২৫গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ১৩জন আহত হৈছে ৷ দক্ষিণ সুমাত্রা প্রদেশত সংঘটিত হৈছে এই দুর্ঘটনা ৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ৩৭জন যাত্রী কঢ়িয়াই অনা বাছ এখন সোমবাৰে নিশা পথৰ পৰা ১৫০ মিটাৰ তলৰ এখন নদীত বাগৰি পৰাৰ ফলত ঘটনাস্থলীতে ২৫জন লোক নিহত হয় ৷ দুর্ঘটনাৰ পিছতে প্রশাসনে ১২০গৰাকী উদ্ধাৰকাৰীক ঘটনাস্থলীত মোতায়েন কৰে যদিও দুর্গম স্থানৰ বাবেই উদ্ধাৰ অভিযান বাৰে বাৰে ব্যাহত হয় ৷

উল্লেখনীয় যে এই দুর্ঘটনাৰ কাৰণ তাৎক্ষণিকভাৱে সদৰী কৰা নাই প্রশাসনে ৷ দুর্ঘটনা সন্দর্ভত তদন্ত চলাই থকা হৈছে ৷ সুমাত্রা দ্বীপৰ বেংকুলু চহৰত সোমবাৰে নিশা এই শোকাৱহ পথ দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ বেংকুলুৰ পৰা পালেমবাং অভিমুখে বাছখন গৈ থকা অৱস্থাতে লিকু লেমাটাং অঞ্চলত এই দুর্ঘটনা সংঘটিত হৈছে ৷ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে ৷

Comments (0)
Add Comment