অগ্নিনির্বাপক যোদ্ধাৰ শেষকৃত্যত শিশু কন্যাই পিন্ধিলে হেলমেট

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বনজুইত প্রাণ হেৰুওৱা অগ্নিনির্বাপক যোদ্ধা এণ্ড্রিউ ও ডিয়াৰৰ ১৯ মহীয়া শিশু কন্যাই পিতৃৰ হেলমেট পৰিধান কৰি অন্ত্যেষ্টিক্রিয়াত যোদ্ধাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰা ভিডিঅ’ই বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে ৷ স্বেচ্ছাসেৱী অগ্নিনির্বাপক যোদ্ধা এণ্ড্রিউ আৰু তেওঁৰ সহযোগী জিঅ’ফ্রী কিটনে ১৯ ডিচেম্বৰত প্রাণ হেৰুৱাইছিল ৷ বনজুই নির্বাপনৰ কামত যোৱা সময়তে জ্বলন্ত গছ এজোপা আহি তেওঁলোকৰ গাড়ীখনত পৰিছিল ৷ ৩৬ বছৰীয়া এণ্ড্রিউ হৈছে নিউ ছাউথ ৱেলছৰ গ্রাম্য অগ্নি সেৱাৰ এগৰাকী প্রাক্তন কর্মচাৰী ৷ ছিডনীত মঙলবাৰে এণ্ড্রিউ আৰু অগ্নি নির্বাপনত প্রাণ আহুতি দিয়া অন্যান্য কর্মীসকলৰ বাবে অন্ত্যেষ্টিক্রিয়াৰ আয়োজন কৰা হৈছিল ৷ লক্ষণীয়ভাৱে পিতৃৰ এই অন্ত্যেষ্টিক্রিয়াৰ সময়তে এণ্ড্রিউৰ কন্যা বেবী চার্লোটে অগ্নি নির্বাপনৰ সময়ত পিতৃয়ে পৰিধান কৰা হেলমেট আৰু বিভিন্ন সময়ত লাভ কৰা পদকবোৰ পিন্ধি লয় ৷

Comments (0)
Add Comment