অষ্ট্রেলিয়াৰ বনজুইত ৫০ লাখ জীৱ–জন্তুৰ মৃত্যু

আগন্তুক পাঁচটা দশকতো চৰকাৰে পূৰণ কৰিব নোৱাৰিব ক্ষতি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ অষ্ট্রেলিয়াত সংঘটিত বনজুইৰ ঘটনাত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে প্রাণীকুল ৷ দেশখনৰ বন্যপ্রাণী বিশেষজ্ঞসকলৰ তথ্য অনুসৰি, নিউ ছাউথ ৱেল্ছ আৰু ভিক্টোৰিয়াত এই বনজুইৰ ফলত প্রায় ৫০ লাখ প্রাণীৰ মৃত্যু হৈছে ৷ বিভিন্ন প্রজাতিৰ এই প্রাণীসমূহৰ বনজুইৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন্যপ্রাণী বিশেষজ্ঞসকলে ৷ প্রায় ২০জন লোকে প্রাণ হেৰুওৱা শেহতীয়া এই বনজুইৰ ঘটনাত আটাইতকৈ ক্ষতিৰ সন্মুখীন হৈছে কোৱালাৰ দৰে প্রাণীবোৰ ৷ কাৰণ এনে প্রাণীবোৰ সাধাৰণতে গছত থাকে আৰু তৃণভোজী এই প্রাণীবোৰৰ বাবে বনজুই হৈ পৰিছে ঘাতক ৷ দেশখনৰ এই বনজুইত বন্যপ্রাণীৰ ব্যাপক হাৰত মৃত্যু হোৱা ঘটনাই প্রকৃতিপ্রেমী লোকসকলক ব্যথিত কৰি তুলিছে ৷ দেশখনৰ কেইবাগৰাকীও বন্যপ্রাণী বিশেষজ্ঞই সদৰী কৰা অনুসৰি, আগন্তুক পাঁচটা দশক বিভিন্ন প্রাণীৰ বাবে বিশেষ যতন ল’লেও এই ক্ষতি পূৰাব নোৱাৰিব চৰকাৰে ৷

Comments (0)
Add Comment