আমেৰিকাক সবল নেতৃত্ব দিবলৈ সক্ষম ডেম’ক্রেট বিডেন

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ আগন্তুক ২০২০ চনত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ডেম’ক্রেটিক প্রার্থিত্ব প্রত্যাশী ৭৭ বছৰীয়া জো বিডেনৰ চিকিৎসকে ঘোষণা কৰিছে যে আমেৰিকাক নেতৃত্ব প্রদান কৰিবলৈ সক্ষম নেতাগৰাকী ৷ স্মর্তব্য যে ৰিপাব্লিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে ডেম’ক্রেটিক প্রার্থিত্বপ্রত্যাশীৰ সংখ্যা ১৫গৰাকীলৈ বৃদ্ধি পাইছে ৷

এই ১৫গৰাকী প্রার্থিত্বপ্রত্যাশীৰ তিনিগৰাকীয়েই হৈছে ৭০ বছৰ বয়সৰ ঊর্ধ্বৰ ৷ লক্ষণীয়ভাৱে প্রাক্তন উপ–ৰাষ্ট্রপতি জো বিডেন ৰাষ্ট্রপতি হিচাপে আমেৰিকাক নেতৃত্ব দিবলৈ অক্ষম বুলি বিভিন্ন মহলে প্রচাৰ চলাই আছিল ৷ কিন্তু বিডেনৰ চিকিৎসকে নেতাগৰাকীক দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযানত অংশগ্রহণ কৰিবলৈ সক্ষম বুলি ঘোষণা কৰাৰ পাছতে বিডেনে ডেম’ক্রেটিক দলৰ প্রচাৰ কার্যসূচীত অংশ লোৱাটো নিশ্চিত হৈ পৰিছে ৷ স্মর্তব্য যে ১৯৮৮ চনত মগজুৰ এক জটিল ৰোগত আক্রান্ত হৈছিল বিডেন৷ গতিকে আগন্তুক ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ বিডেন সক্ষম নহয় বুলি বিভিন্ন মহলে দাবী কৰিছিল ৷ কিন্তু শেহতীয়া স্বাস্থ্য পৰীক্ষাত বিডেন সম্পূর্ণৰূপে সুস্থ বুলি প্রমাণিত হৈছে ৷

Comments (0)
Add Comment