আমেৰিকাৰ দক্ষিণ ডাক’টাত বিমান দুর্ঘটনাত নিহত ৯জন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আমেৰিকাৰ দক্ষিণ ডাক’টাত এখন পিলাটাছ পিচি–১২ বিমান দুর্ঘটনাত পতিত হোৱাৰ ফলত ৯ গৰাকী লোক নিহত হৈছে ৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শনিবাৰে মাজনিশা সংঘটিত হৈছে এই দুর্ঘটনা ৷ বিমানখনে উৰামৰাৰ কিছুসময় পাছতেই দুর্ঘটনাত পতিত হোৱা বুলি সদৰী কৰিছে সংবাদ মাধ্যমে ৷ চেম্বাৰলেইনৰ পৰা বিমানখনে উৰা মাৰিছিল ৷ এই দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন তিনিগৰাকী লোক ৷ আহত লোকসকলক তাৎক্ষণিকভাৱে সমীপৱর্তী হাস্পতালত ভর্তি কৰা হৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ উল্লেখনীয় যে ইডাহো ফ’লছ অভিমুখে যাত্রা কৰা সময়তে এই বিমানখন দুর্ঘটনাত পতিত হৈছে৷ দুর্ঘটনাৰ কাৰণ তাৎক্ষণিকভাৱে আৰক্ষীয়ে সদৰী কৰা নাই ৷ ইতিমধ্যে বন্দৰ কর্তৃপক্ষই এই দুর্ঘটনা সন্দর্ভত তদন্ত চলোৱা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে ৷