ইছলামক বিশ্বাস নকৰা দখলদাৰী সেনাই বিয়পাইছে ক’ৰোনা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিশ্বজুৰি মাৰাত্মক ক’ৰোনা ভাইৰাছ সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আফ্ৰিকান ৰাষ্ট্ৰ ছোমালিয়াত কুখ্য়াত ইছলামিষ্ট সন্ত্ৰাসবাদী সংগঠন আল-ছাবাৰে এই সংক্ৰামক ৰোগবিধৰ পৰা সাৱধান হ’বলৈ সতৰ্কবাণী কৰিছে মুছলমান লোকসকলক। আল-কায়দাৰে সম্পৰ্ক থকা আল-ছাবাবে ইতিমধ্যে প্ৰচাৰ কৰিছে যে দখলদাৰী বিদেশী ৰাষ্ট্ৰৰ বাহিনীৰ লগতে ইছলামত বিশ্বাস নথকাসকলে মাৰাত্মক ক’ৰোনা ভাইৰাছ বিয়পাই দিছে। কিন্তু আল-ছাবাবৰ এইসতৰ্কবাণীক প্ৰত্যাহ্বান জনাই ক’ৰোনাক প্ৰতিৰোধ কৰাৰ যুঁজত নিয়োজিত হৈছে মুছলমান ধৰ্মগুৰুসকল। স্মৰ্তব্য যে ৩০ বছৰ ধৰি যুদ্ধ-সংঘৰ্ষত বিধ্বস্ত দেশখনত এতিয়ালৈকে আঢ়ৈ লক্ষাধিক লোকে প্ৰাণ হেৰুৱাইছে। ২০১০ৰ পৰা ২০১২চনৰ ভিতৰত দেশখনত দেখা দিয়া দুৰ্ভিক্ষতো প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে। ছোমালিয়াত প্ৰতিটো শিশুৱে কোৰাণিক স্কুল বা মাদ্ৰাছাত অধ্যয়ণ কৰিব লাগে। কিন্তু এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণৰ লগে লগে মুছলমান ধৰ্মগুৰুসকল মাদ্ৰাছবোৰ বন্ধ কৰাৰ বাবে আগবাঢ়ি আহিছে।

Comments (0)
Add Comment