ইণ্ডোনেছিয়াৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নৱবর্ষৰ প্রথমটো দিনতে সংহাৰী বানৰ কবলত পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০লৈ বৃদ্ধি পাইছে৷ উল্লেখনীয় যে কেইবাদশকৰ পিছত জাকার্টাত এদিনতে বৃষ্টিপাতে অভিলেখ গঢ়িছে৷ দেশখনৰ দুর্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা তথ্য অনুসৰি, ৰাজধানী জাকার্টাৰ গুৰুত্বপূর্ণ আৱাসিক অঞ্চলত প্রাণ হেৰুৱাইছে ৫১গৰাকী লোকে৷

অন্যান্য স্থানত মৃত্যু হৈছে ৯গৰাকী লোকৰ৷ উল্লেখনীয় যে এই বানত গৃহহীন হৈছে ৯২ হাজাৰ লোক৷ এতিয়াও দুর্গত লোকক উদ্ধাৰ কৰি দুর্যোগ ব্যৱস্থাপনা বিভাগে নিৰাপদ স্থানত আশ্রয় প্রদান কৰি আছে৷ লক্ষণীয়ভাৱে ইণ্ডোনেছিয়াৰ বিভিন্ন স্থানত ৰাজপথত ৭ ফুট পর্যন্ত উচ্চতালৈ পানী উঠাৰ ফলত স্বাভাৱিক জীৱনযাত্রা সম্পূর্ণৰূপে স্তব্ধ হৈ পৰিছে৷ দেশখনৰ চৰকাৰে এই ভয়াৱহ বানক তিনি দশকৰ ভিতৰত অভাৱনীয় প্রাকৃতিক বিপর্যয় বুলি অভিহিত কৰিছে৷

Comments (0)
Add Comment