ইৰাকত প্রতিবাদকাৰীৰ ওপৰত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত ২৫

নিয়মীয়া বাৰ্তা,৯ ডিচেম্বৰঃ প্রতিবাদ, সংঘর্ষত উত্তাল ইৰাকৰ ৰাজধানী বাগদাদত এজন বন্দুকধাৰীৰ গুলীত কমপক্ষেও ২৫জন লোক নিহত হোৱাৰ উপৰি অন্য ১৩০জন গুৰুতৰভাৱে আহত হৈছে ৷ শনিবাৰে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ ৰাজধানী বাগদাদৰ প্রাণকেন্দ্র হিচাপে চিহ্নিত আল–খালানি স্কোৱাৰৰ সন্মুখত প্রতিবাদী জনতাৰ ওপৰত আক্রমণ চলাই এই বন্দুকধাৰীটোৱে ৷

উল্লেখনীয় যে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈকে বন্দুকধাৰী লোকজনে প্রতিবাদীৰ ওপৰত কেইবাঘণ্টা ধৰি চলায় আক্রমণ ৷ গৃহ মন্ত্রালয়ৰ সূত্রই সদৰী কৰা অনুসৰি, এই আক্রমণৰ সময়ত বহু লোকে আত্মৰক্ষাৰ বাবে সমীপৱর্তী প্রাসাদ তথা মছজিদত আশ্রয় লয় ৷

স্মর্তব্য যে বিগত অক্টোবৰ মাহৰ পৰা চৰকাৰবিৰোধী বিক্ষোভত উত্তাল হৈ আছে সংঘর্ষজর্জৰ ইৰাক ৷ দুর্নীতিৰ অৱসান, নতুন নিয়োগ সৃষ্টি আৰু ৰাজহুৱা সেৱাসমূহ উন্নত কৰাৰ দাবীত দেশৰ লাখ লাখ জনতাই ধাৰাবাহিক প্রতিবাদ সংগঠিত কৰি থকাৰ সময়তে সেনাই প্রতিদিনে বিক্ষোভকাৰীক ছত্রভংগ দিয়াবলৈ দমন অভিযান তীব্রতৰ কৰিছে ৷

লক্ষণীয়ভাৱে কালিৰ এই আক্রমণৰ ঘটনাত জড়িত থকা বন্দুকধাৰীৰ পৰিচয় সদৰী কৰা নাই দেশখনৰ প্রশাসন তথা সংবাদ মাধ্যমে ৷

Comments (0)
Add Comment