ইৰানত ছোলেইমানীৰ শেষকৃত্যত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু

আমেৰিকান সেনাক সন্ত্রাসবাদী ঘোষণাঃ ভাৰততো প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ যোৱা সপ্তাহত ইৰাকৰ ৰাজধানী বাগদাদত আমেৰিকান ড্রোন আক্রমণত নিহত ইৰানৰ শীর্ষ সেনা জেনেৰেল কাছেম ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াত পদপিষ্ট হৈ মঙলবাৰে ৩৫গৰাকী লোকৰ মৃত্যু হৈছে ৷ দেশখনৰ চৰকাৰী টেলিভিচনে সদৰী কৰা অনুসৰি এই ঘটনাত আহত হৈছে অন্য ৪৮গৰাকী লোক ৷ ৰিভল্যুচনাৰী গার্ডৰ জেনেৰেল কাছেম ছোলেইমানীৰ মৃতদেহ মঙলবাৰে সমাধিস্থ কৰা হয় গৃহ চহৰ কাৰমানত ৷ জেনেৰেলগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত সমৱেত হয় কেইবালাখো লোক ৷ ছোলেইমানীক কবৰ দিয়াৰ সময়ত জনতাৰ ভিৰৰ মাজতে পৰি যায় বহু লোক ৷ এই লোকসকলৰ ৩৫গৰাকীৰ পদপিষ্ট হৈ ঘটনাস্থলীতে মৃত্যু হয় ৷ উল্লেখনীয় যে ছোলেইমানীৰ হত্যাক কেন্দ্র কৰি মধ্য প্রাচ্যত ইৰান আৰু আমেৰিকাৰ মাজত সৃষ্টি হৈছে যুদ্ধৰ আতংক৷ ইফালে, শীর্ষ সেনা বিষয়াগৰাকীৰ শেষকৃত্যৰ সময়তে ইৰানে মঙলবাৰে আমেৰিকাৰ সকলো বাহিনীক সন্ত্রাসবাদী আখ্যা দিছে ৷ ছোলেইমানীৰ হত্যাৰ প্রতিশোধ ল’ব বুলিও কয় দেশখনৰ সেনা ৰিভল্যুচনাৰী গার্ডে ৷ ইফালে, ছোলেইমানীৰ হত্যাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত সাব্যস্ত হৈছে প্রতিবাদ ৷ ভাৰতৰ ৰাজধানী দিল্লীতো মঙলবাৰে মার্কিন দূতাবাসৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে কেইবাহাজাৰো লোকে ৷

Comments (0)
Add Comment