ইৰানত মৃত্যুৰ কিৰীলি, একেদিনাই ১৩৫জনৰ প্রাণহানিঃ ফ্রান্সত লক ডাউন

বিশ্বত ক’ভিড–১৯ত মৃত্যুৰ সংখ্যা ৭ হাজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ চীনত প্রাদুর্ভাৱ ঘটি বিশ্বৰ ১৬২খন দেশলৈ সম্প্রসাৰিত ঘাতক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মহামাৰীৰ ৰূপ অব্যাহত আছে ৷ বিশ্বজুৰি ১.৮০ লাখতকৈও অধিক লোক এই প্রাণঘাতী ভাইৰাছত আক্রান্ত হোৱাৰ লগতে সাত সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে ৷ চীনত ঘাতক ভাইৰাছটোৰ প্রকোপ হ্রাস পালেও বিশ্বৰ বাকী দেশসমূহত ইয়াৰ প্রভাৱ নিতৌ  বৃদ্ধি পাই আছে ৷ ইউৰোপীয় সংঘ আৰু মধ্যপ্রাচ্যৰ লগতে দক্ষিণ আমেৰিকাত সংক্রমণৰ মাত্রা বৃদ্ধি হৈয়েই আছে ৷ ইৰানত বিগত ২৪ ঘণ্টাত ১৩৫জন লোক ভাইৰাছত আক্রান্ত হৈ মৃত্যু ঘটাত দেশখনত মৃতকৰ সংখ্যা ৯৮৮লৈ বৃদ্ধি পালে ৷

ইপিনে, ইৰানৰ সীমান্তৱর্তী পাকিস্তানৰ সিন্ধ প্রদেশত মঙলবাৰে প্রথমজন লোক ক’ৰেনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰে ৷ দেশখনত এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি পাইছে ৷ বিগত ২৪ ঘণ্টাত স্পেইনত ২০০০ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছত দেশখনত আক্রান্ত লোকৰ সংখ্যা ১১ হাজাৰ অতিক্রম কৰিলে ৷ এতিয়ালৈকে আক্রান্তৰ ভিতৰত ৪৯১জনে প্রাণ হেৰুৱাইছে ৷ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রই প্রথমবাৰৰ বাবে মানৱ শৰীৰত পৰীক্ষণমূলকভাৱে ভাইৰাছটোৰ প্রতিষেধক ছিটা প্রদান কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্রই ভাৰত আৰু নৰৱে’ৰ দ্বাৰা গঠিত আন্তর্জাতিক মঞ্চৰ সহযোগিতাত দেশখন ছিটলত কেইচাৰ পাৰমানেণ্টে ৱাশ্বিংটন হেলথ ৰিছার্চ ইনষ্টিটিউট (কেপিডব্লিউএইচআৰআই)ত মানৱ শৰীৰত প্রথমবাৰৰ বাবে ক’ৰোনা ভাইৰাছৰ প্রতিষেধক ছিটাৰ পৰীক্ষণ আৰম্ভ হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হোৱাইট হাউছত সাংবাদিকৰ সৈতে কথোপকথনত মানৱ দেহত প্রতিষেধক ছিটাৰ প্রথম পর্যায় ক্লিনিকেল ট্রায়েল আৰম্ভ হোৱাটোত তেওঁ সন্তুষ্টি ব্যক্ত কৰে ৷ সম্ভৱতঃ এইটোৱে ইতিহাসত দ্রুততম প্রতিষেধক ছিটা বিকাশ হৈছে বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে ৷ মডার্না নামৰ ব্যক্তিগত কোম্পানী এটাই বিকশিত কৰা এই প্রতিষেধক ছিটা পর্যায়–১ ট্রায়েলত প্রথম স্বেচ্ছাসেৱক এগৰাকীৰ দেহত প্রয়োগ কৰা হৈছে ৷ এই প্রয়োগ ৪৫জন স্বেচ্ছাসেৱকৰ ওপৰত ট্রায়েল কৰা হ’ব ৷ এমআৰএনএ–১২৭৩ নামৰ ছিটাটোক আৰু দুটা ফেজত ট্রায়েল কৰা হ’ব ৷ ইতিমধ্যে পর্যায়–২ৰ ট্রায়েল সাজু কৰি তোলা হৈছে ৷ উল্লেখ্য যে ৪৫গৰাকী স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ বয়স ১৮ৰ পৰা ৫৫ বছৰৰ ভিতৰত ৷ এবছৰ ধৰি প্রতিষেধক ছিটাটোৰ পৰীক্ষণ চলোৱা হ’ব ৷ তথ্য মতে পর্যায়–১ত স্বেচ্ছাসেৱকজনক দুটা বেজী দিয়া হ’ব ৷ প্রথমটো আৰম্ভণিৰ দিনা আৰু দ্বিতীয়টো ২৮ দিনৰ পিছত৷ ইয়াত তিনিটা পৃথক ড’জ থাকি ব৷ সেইকেইটা হ’ল ২৫ মিলিগ্রাম, ১০০ মিলিগ্রাম আৰু ২৫০ মিলিগ্রাম৷ ইউৰোপীয় সংঘৰ ইটালী, স্পেইনত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত প্রতিৰোধী ব্যৱস্থা হিচাপে ফ্রান্স চৰকাৰে লকডাউন কৰিছে ৷ দেশখনৰ নাগৰিকক মঙলবাৰৰ পৰা পৰৱর্তী ১৫ দিনলৈ ঘৰৰ পৰা বাহিৰ নোলাবলৈ নির্দেশ দিয়া হৈছে ৷ এই লকডাউন কার্যকৰী কৰিবলৈ চৰকাৰে ১ লাখ আৰক্ষী মোতায়েন কৰিছে ৷ ৰাষ্ট্রপতি এমানুৱেল মেক্রনে ঘোষণা কৰা মতে, আজি দিনৰ ১২ বজাৰ পৰাই এই লকডাউন আৰম্ভ হৈছে ৷ অহা ১৫ দিনলৈ সকলো নাগৰিক ঘৰৰ ভিতৰতে আবদ্ধ থাকিব লাগিব৷ বিশেষ অত্যাৱশ্যকীয় কার্যকলাপতহে ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুমতি প্রদান কৰা হ’ব৷ আনপিনে, ঘৰৰ বাহিৰৰ কোনো লোকৰ সৈতে বার্তালাপ কৰিলেও এক মিটাৰ দূৰত্ব বর্তাই ৰাখিবলৈও নির্দেশ দিছে ৷

Featured
Comments (0)
Add Comment