এইবাৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন হ’ব জানেনে ?

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ আসন শুৱনি কৰিব ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ মেছিয়াছ ব’লছ’নাৰোৱে৷ দেশৰ বৈদেশিক মন্ত্রালয়ে মঙলবাৰে বিবৃতিত প্রকাশ কৰা মতে অহা ২৪ জানুৱাৰীত ব্রাজিলৰ ৰাষ্ট্রপতিগৰাকী নতুন দিল্লীত উপস্থিত হ’ব৷

ৰাষ্ট্রপতিগৰাকীৰ সৈতে সাতগৰাকী মন্ত্রী, ব্রাজিল–ভাৰত বন্ধুত্ব গোটৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও উদ্যোগপতিয়ে নতুন দিল্লী ভ্রমণ কৰিব৷

ৰাষ্ট্রপতি ব’লছ’নাৰো গণৰাজ্য দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰা ব্রাজিলৰ তৃতীয়গৰাকী নেতা হ’ব৷ ইয়াৰ পূর্বে ১৯৯৬ চনত আৰু ২০০৪ চনত ব্রাজিলৰ শীর্ষনেতা গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল৷

২৪ জানুৱাৰীত নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত ব্রাজিলৰ ৰাষ্ট্রপতিগৰাকীয়ে ২৫ জানুৱাৰীত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰিব আৰু ইয়াৰ পিছতে প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকত মিলিত হ’ব৷

প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকৰ সময়ত দুই দেশৰ মাজত ১৫খন চুক্তিত সাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলি বৈদেশিক মন্ত্রালয়ৰ বিবৃতিত প্রকাশ৷

Featuredগণৰাজ্য দিৱস
Comments (0)
Add Comment