‘কা’ক সমর্থন কৰা বিধায়কক নিলম্বন মায়াৱতীৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ অর্থাৎ ‘কা’ক সমর্থন কৰাৰ অপৰাধত বিএছপি মুৰব্বী মায়াৱতীয়ে দলৰ বিধায়ক ৰামা ৰায়ক নিলম্বন কৰিছে ৷ স্মর্তব্য যে নতুন এই আইনখনৰ বিৰুদ্ধে সৰৱ হৈ আছে মায়াৱতী ৷ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধর্মীয় সংখ্যালঘু লোকক আনি ভাৰতত সংস্থাপিত কৰাৰ কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে মায়াৱতীয়ে প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মধ্যপ্রদেশৰ পাঠেৰিয়া সমষ্টিৰ বিএছপি বিধায়ক ৰামা ৰায়ে এই আইনক সমর্থন জনাইছে ৷ গতিকে তাৎক্ষণিকভাৱে ৰায়ক দলৰ পৰা নিলম্বন কৰা হৈছে ৷

Comments (0)
Add Comment