কানাডাত ৱানঝুৰ প্রত্যর্পণ গোচৰৰ শুনানি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ চীনৰ বৃহৎ কোম্পানী হুৱাৱেইৰ মুখ্য বিত্তীয় বিষয়া (চিএফ’) মেং ৱানঝুৰ আমেৰিকালৈ প্রত্যর্পণ গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ কৰিছে কানাডাৰ এখন আদালতে ৷ উল্লেখনীয় যে মার্কিন নিষেধাজ্ঞা উলংঘাৰ অভিযোগ অনা হৈছে ৪৭ বছৰীয়া মেং ৱানঝুৰ বিৰুদ্ধে৷ কালি কানাডাৰ ভেংকুভাৰ চহৰত এই গোচৰটোৰ শুনানিৰ বাবে উপস্থিত হৈছে ৱানঝু ৷ অৱশ্যে বিষয়াগৰাকীয়ে এই সন্দর্ভত সংবাদ মাধ্যমৰ ওচৰত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৷ ইৰানৰ বিৰুদ্ধে আৰোপ কৰা আমেৰিকাৰ নিষেধাজ্ঞা ৱানঝুৱে উলংঘা কৰা বুলি অভিযোগ অনা হৈছে যদিও বেইজিং প্রশাসনে ইয়াক অগ্রাহ্য কৰিছে ৷ লক্ষণীয়ভাৱে কানাডাত ৱানঝুক গ্রেপ্তাৰ কৰাৰ পিছতে অটোৱা আৰু বেইজিং প্রশাসনৰ মাজত সৃষ্টি হৈছে তীব্র মতানৈক্য ৷

Comments (0)
Add Comment