কৃত্রিম মেধাৰ জগতলৈ আহি আছে ষ্টাৰ লেব্ছৰ আৱিষ্কাৰ ‘নিয়ন’

এআইৰ মাজত চলিব আৱেগমিশ্রিত বার্তালাপ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মানৱসদৃশ আর্টিফিচিয়েল ইণ্টালিজেন্স (এআই) অর্থাৎ কৃত্রিম মেধাই ইতিমধ্যে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য ৷ শেহতীয়াকৈ মানৱসদৃশ এই নতুন কৃত্রিম মেধা ‘নিয়ন’–এ মানুহৰ দৰেই আৱেগ–অনুভূতি প্রকাশ কৰিব নিজৰ বক্তব্যত ৷ মানুহৰ সৈতে নহয়, কেইবাটাও এআইৰ সৈতে নিয়নৰ এই বার্তালাপ চলিব ৷ কৃত্রিম মানৱ হিচাপে নিয়নক গঢ়ি তুলিছে ছেমছাঙৰ সাহায্যপুষ্ট ষ্টাৰ লেব্ছে ৷ নিয়ন হৈছে ষ্টাৰ লেব্ছৰ মুখ্য কার্যবাহী বিষয়া (চিই’)প্রণৱ মিস্ত্রীৰ দীর্ঘদিনীয়া গৱেষণাৰ ফচল ৷ এ আইৰ সৈতে নিয়নৰ বার্তালাপে কৃত্রিম মেধাৰ আৱিষ্কাৰৰ ক্ষেত্রত নতুন যুগৰ সূচনা কৰিব বুলি ইতিমধ্যে প্রণৱ মিস্ত্রীয়ে সংবাদ মেল যোগে সদৰী কৰিছে ৷ অৱশ্যে গুগল এছিছষ্টেণ্ট অথবা আমাজনৰ আলেক্সাৰ দৰে বাণিজ্যিক এআইবোৰৰ পৰা পৃথক হ’ব নিয়ন ৷ সংগীত বজোৱা বা বতৰৰ বতৰা দিয়া আমাজন আলেক্সা আৰু গুগল এছিছষ্টেণ্টৰ দৰে কামবোৰ নকৰিব নিয়নে ৷ ইংৰাজী ভাষাৰ উপৰি হিন্দী, স্পেনিচ আৰু অন্যান্য কেইবাটাও ভাষাত কথা পাতিব নিয়নে ৷ ইতিমধ্যে নিয়নৰ ৬টা অৱতাৰ প্রস্তুত কৰিছে ষ্টাৰ লেব্ছে ৷ ইয়াৰ ভিতৰত আছে যোগ প্রশিক্ষক, বেংকাৰ, পপষ্টাৰ, নিউজ এংকৰ আৰু এগৰাকী ফেশ্বন মডেলো ৷

Comments (0)
Add Comment